
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহকুমাৰ টিপঙত মঙলবাৰে এগৰাকী অসম আৰক্ষীৰ কনিষ্টবলে নিজৰ চাৰ্ভিচ বন্দুকেৰে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ নিজৰ AK47ৰে মূৰত গুলীচালনা কৰি আত্মহত্যা কৰে নিৰ্মল মূৰ্মূ নামৰ কনিষ্টবলগৰাকীয়ে৷
ওদালগুৰি জিলাৰ বাসিন্দা নিৰ্মলে কি কাৰণত আত্মহত্যা কৰিলে সেই কথা জানিব পৰা হোৱা নাই৷ জানিব পৰা মতে, ৩১ ডিচেম্বৰৰ নিশা NRCৰ প্ৰথম খন খচৰা প্ৰকাশ কৰা প্ৰাক মুহূৰ্তত উদ্ভৱ হ’ব পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ টিপং ৰঙ্গ মঞ্চত অস্থায়ী কেম্প পাতি প্ৰশাসনে কনিষ্টবল ৰখাৰ ব্যৱস্থা কৰিছিল৷
উক্ত কেম্পটোত আছিল নিৰ্মল নামৰ কনিষ্টবলগৰাকীয়ে৷ মঙলবাৰে নিশা নিৰ্মল মূৰ্মূৱে নিজৰ AK47ৰে নিজৰ মূৰত গুলীচালনা কৰে৷ ততাতৈয়াকৈ সহকৰ্মীসকলে তেওঁক চিকিসালয়লৈ নিয়ে যদিওঁ চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ এই ঘোষণা বহু পলমকৈ পোহৰলৈ আহে।