ধূলা কাণ্ডক গৰিহণা এবিএমছুৰ, ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী

ৰঙিয়াঃ হাচান আলী নামৰ এগৰাকী আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে দৰং জিলাৰ ধূলাত পুৱাৰে পৰা হাজাৰ হাজাৰ লোক ওলাই আহিছিল ৰাজ পথলৈ৷ ৰাজপথত টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ-থানা ঘেৰাওঁ কৰি দোষী আৰক্ষী বিষয়াক উপযুক্ত শাস্তি দিয়াৰ দাবী উত্থাপন কৰি প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আৰক্ষীৰ গুলীত এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হয়৷

আৰক্ষীয়ে শূণ্যত গুলী ফুটাই প্ৰতিবাদকাৰীক খেদাৰ চেষ্টা কৰাৰ সময়তে মহিদুল ইছলাম নামৰ লোকজনৰ মৃত্যু হয়৷ তাৰ পিছতে এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে এ বি এমছুৱে৷ এক বিবৃতিত যোগে সংগঠনটোৰ সাধাৰণ সম্পাদক নজৰুল ইছলামে ধূলাৰ ঘটনাক বৰ্বৰ আৰু কাপুৰুষালিৰ নামান্তৰ বুলি অভিহিত কৰে৷

ধূলাৰ ঘটনাই অসম আৰক্ষীৰ প্ৰকৃত স্বৰূপটো উদঙাই দিয়া বুলিও কয়৷ গণতান্ত্ৰিক দেশ এখনত এনে ঘটনা বিৰল৷ আৰক্ষীৰ বৰ্বৰ নিৰ্যাতনত লকআপতে প্ৰাণ বিসৰ্জন দিয়া হাচেন আলীৰ মৃত্যুৰ ঘটনাৰ প্ৰতিবাদ জনাবলৈ যোৱা নিৰীহ জনতাৰ ওপৰত লাঠী চালনা কৰা আৰু গুলী চালনা কৰা ঘটনাই অসম আৰক্ষীৰ হিটলাৰী কাৰ্যব্যৱস্থা উদঙাই দিছে৷

গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ যোৱা ৰাইজৰ ওপৰত এনেধৰণৰ নিৰ্যাতন জাপি দিয়া চৰকাৰখনে হাচেন আলীৰ মৃত্যুৰ জবাব দিবই লাগিব বুলি স্পষ্ট কৰে৷ এ বি এমছুৱে সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰি যিসকল আৰক্ষী বিষয়াৰ বাবে হাচেন আলীয়ে আৰক্ষীৰ লকআপত আৰু মহিবুল হকে নিৰ্বিচাৰ গুলীচালনাত মৃত্যু বৰন কৰিলগীয়া হ’ল তেওঁলোকে যথোচিত শাস্তি নোপোৱা পৰ্যন্ত এ বি এমছু ক্ষান্ত নহয়৷

দোষী আৰক্ষী বিষয়াসকলে শাস্তি পাবই লাগিব বুলি সংগঠনটোৱে মতপোষণ কৰে৷ নিৰপেক্ষ তদন্তৰ স্বাৰ্থত সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্ত হ’ব লাগিব৷ সংগঠনটোৱে দুয়োজন নিৰীহ ব্যক্তিৰ পৰিয়ালক ১০ লাখ টকাৰ এককালীন ক্ষতিপূৰণ আৰু গুলীচালনাৰ ঘটনাত আহত ব্যক্তিসকলক এক লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনায়