
ৰঙিয়াঃ হাচান আলী নামৰ এগৰাকী আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে দৰং জিলাৰ ধূলাত পুৱাৰে পৰা হাজাৰ হাজাৰ লোক ওলাই আহিছিল ৰাজ পথলৈ৷ ৰাজপথত টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ-থানা ঘেৰাওঁ কৰি দোষী আৰক্ষী বিষয়াক উপযুক্ত শাস্তি দিয়াৰ দাবী উত্থাপন কৰি প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আৰক্ষীৰ গুলীত এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হয়৷
আৰক্ষীয়ে শূণ্যত গুলী ফুটাই প্ৰতিবাদকাৰীক খেদাৰ চেষ্টা কৰাৰ সময়তে মহিদুল ইছলাম নামৰ লোকজনৰ মৃত্যু হয়৷ তাৰ পিছতে এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে এ বি এমছুৱে৷ এক বিবৃতিত যোগে সংগঠনটোৰ সহকাৰী সাধাৰন সম্পাদক মইনুদ্দিন আলিয়ে যোৱা ৯ জানুৱাৰীত দৰং জিলাৰ ধূলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে হাচান আলী নামৰ এজন ব্যক্তিক ঘৰৰ পৰা উঠাই আনি গোটেই নিশা থানা চৌহদত নিৰ্মম অত্যাচাৰ চলাই হত্যা কৰা বুলি কয়।
পিছত হত্যাকাণ্ডটোৰ প্ৰতিবাদত হাজাৰ হাজাৰ জনতাই ৰাজপথত ওলাই আহি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ পিছতেই আৰক্ষীয়ে নিৰীহ জনতাৰ ওপৰত জধেমধে গুলীচালনা কৰাত এজন ব্যক্তি থিতাতে নিহত হোৱাৰ লগতে বহু কেইগৰাকী প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হয়।
আৰক্ষীৰ এনে অমানৱীয় কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাটোৰ সৈতে জৰিত থকা আৰক্ষী বিষয়াক শীঘ্ৰে চাকৰিৰ পৰা নিলম্বিত কৰাৰ দাবী উত্থাপন কৰিছে এবিএমছুৰ সহকাৰী সাধাৰন সম্পাদক মইনুদ্দিন আলিয়ে। ছাত্ৰ নেতাগৰাকীয়ে অভিযোগ কৰা মতে অসম চৰকাৰৰ গাফিলতিৰ বাবেই অসমত ধৰ্মীয় সংখ্যালঘু লোক সকলৰ ওপৰত এনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। ঘটনাটোৰ প্ৰতিবাদত এবিএমছুৱে অচিৰেই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ছাত্ৰ নেতাগৰাকীয়ে।