
নগাঁওঃ ‘মাহ কৰাই খাওঁ, বাটে বাটে যাওঁ, মোৰ লগত যিয়ে আহে, তাকো এগাল দিওঁ’৷ হয়, মাহ কৰাইৰ পৰা আৰম্ভ কৰি মাছ, মাংসলৈকে মাঘবিহু যেন ভোগৰ বিহু৷ ভোগৰ উৎসৱ ভোগালী বিহুৰ বাবে মাজত মাথো কেইটামান ঘন্টা৷ অসমৰ গাঁৱৰ পথাৰত সকলো ব্যস্ত ভেলাঘৰত অন্তিম পৰশ দিয়াত৷ নিজ নিজ ঘৰত ব্যস্ত মহিলাসকল৷ এতিয়া যেন কাৰোৰে আহৰি নাই৷
ভোগৰ ভোগজৰাক লৈ পুনৰ অসমীয়াৰ চোতাল পালেহি বাপতিসাহোন আদৰৰ ভোগালী বিহু৷ চৌদিশে এতিয়া ভোগালীক আদৰিবলৈ চলিছে পূৰ্ণ প্ৰস্তুতি৷ জীয়ৰী-বোৱাৰী, ডেকা-বুঢ়া সকলো যেন ব্যস্ত হৈ পৰিছে আদৰৰ বিহুক আদৰিবলৈ৷ পাকঘৰৰ পৰা পথাৰলৈকে সকলোতে এতিয়া বিদ্যমান ভোগালীৰ ছবি৷ কৃষ্টি আৰু পৰম্পৰাই যেন জীপাল কৰি তুলিছে মানুহৰ মন আৰু পথাৰখনক৷
যাৰ পৰিণতিত প্ৰতিখন ঘৰতে সৃষ্টি হৈছে উখল-মাখল আনন্দময় পৰিবেশৰ৷ ব্যতিক্ৰম নহয় নগাঁও জিলাৰ গ্ৰাম্য অঞ্চলসমূহো৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ গ্ৰাম্য অঞ্চলত পুহ মাহৰ ঠেঁটুৱৈ ধৰা জাৰকো আওকাণ কৰি ৰাইজে বিহুৰ প্ৰস্তুতি চলাই গৈছে৷ ফলত সৰ্বত্ৰে এতিয়া উৎসৱমুখৰ পৰিবেশ৷ কৃষকসকলে মৰণা চপোৱাৰ অন্তত জহা, বৰা, বোকা ধানেৰে উপচি পৰিছে ভঁৰাল৷
সেই ধানৰে কিছুখিনি মিলত বানি আনি পুৰুষসকলে ভোগালীৰ পিঠা-পনা, জলপান তৈয়াৰ কৰাৰ কাৰণে গৃহিনীক যতনাই দিছে৷ ইফালে, ভোগালীৰ ভোগৰ বাবে উৰুকাত এসাঁজ উদৰ পুৰাই লগে-ভাগে খাবৰ বাবে ব্যস্ত হৈ পৰিছে ধনী-দুখীয়া সকলো পৰিয়াল ৷ তদুপৰি গাঁৱৰ জীয়ৰী-বোৱাৰীহঁতে বহু উপলক্ষে ঘৰলৈ আহিবলগীয়া অতিথিসকলক আপ্যায়ণ কৰিবৰ নিমিত্তে পুৰাদ্দমে নামি পৰিছে পিঠা-পনা, জলপান, সান্দহ আদি তৈয়াৰ কৰাৰ কাম-কাজত৷
কোনোৱে ঘৰতে নতুবা আন কোনোৱে আকৌ চুবুৰীয়া আন দুই-তিনিগৰাকীৰ সৈতে লগ-লাগি হাঁহি-তামাচাৰে বনাইছে চাউলৰ গুড়িৰে ভাপত দিয়া পিঠা, টেকেলী পিঠা, চুঙা পিঠা, কঁকাল চিচা পিঠা, তেল পিঠা, বৰ পিঠা, তিল পিঠা, ঘিলা পিঠা আদি কৰি নানা তৰহৰ পিঠা, লাড়ু, সান্দহ, পিঠাগুৰিকে ধৰি বিভিন্ন প্ৰকাৰৰ সুস্বাদু খাদ্য-সামগ্ৰী৷ ভোগালীৰ আগমনক কেন্দ্ৰ কৰিয়েই জীয়ৰী-বোৱাৰীসকলে ঢেঁকীৰে গৰকি চাউল গুড়ি কৰি বিভিন্ন ৰকমৰ পিঠা-পনা, লাড়ুৰ লগতে মাহ-কৰাই, সান্দহ গুড়ি তৈয়াৰ কৰাৰ কামত দিনে-নিশাই ব্যস্ত হৈ পৰাত গ্ৰাম্য অঞ্চলত চুবুৰীয়ে চুবুৰীয়ে প্ৰতিধ্বনিত হৈছে ঢেঁকীৰ চিনাকী শব্দ৷
ইয়াৰ বিপৰীতে গৃহিণীসকলে সম্পূৰ্ণ থলুৱা পদ্ধতিৰে তৈয়াৰ কৰা ভোগালীৰ বিবিধ পিঠা-পনা আৰু জলপানৰ লোভনীয় আমোলমোল সুবাসে গাঁৱৰ আকাশ-বতাহ বিয়পাই দি সৃষ্টি কৰিছে এটি সুকীয়া পৰিবেশৰ৷ ইয়াৰ বিপৰীতে ম’হৰ এঠা দৈ আৰু কুঁহিয়াৰৰ গুড়েৰে সান্দহৰ মলমলীয়া গোন্ধৰ লগতে সোৱাদ ল’বলৈ যেন ব্যাকুল হৈ পৰিছে সকলো৷ যাৰবাবে সকলোৰে মুখত ফুটি ওলাইছে 'মাঘ যেন ভোগালী মাহ, বিহুৰ পিঠা খাঁও'৷ মুঠতে এতিয়া ভোগৰ ৰং-তামাচা, আনন্দ-স্ফুৰ্তি কৰিবলৈ ৰাজ্যৰ আন আন ঠাইৰ দৰে নগাঁৱতো দেখিবলৈ পোৱা গৈছে কেৱল ভোগালীৰ অনাবিল আনন্দ৷