কামপুৰত পুৱাই প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী, পুৰুষ-মহিলা, জ্যেষ্ঠ নাগৰিক

কামপুৰঃ নগাঁও জিলাৰ কামপুৰত পুৱাই ৰেল পথ অৱৰোধ কৰিবলৈ ওলাই আহিল শ-শ লোক। কামপুৰবাসীৰ দীৰ্ঘদিনিয়া দাবীক ৰেল বিভাগে গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পুৱাই ৰেল পথত বহি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী, পুৰুষ-মহিলা, জ্যেষ্ঠ নাগৰিকে। 

কামপুৰবাসীৰ বাবে এতিয়া প্ৰধান সমস্যা হৈ পৰিছে ৰেলগেট। ৰেল গেটৰ বাবে অঞ্চলবাসীয়ে যঠেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। ফলত সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি বৃহত্তৰ কামপুৰবাসীয়ে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পাছতো কামপুৰত এখন উৰণীয়া সেতুৃঁ নিৰ্মান নোহোৱাৰ বাবে ক্ষোভিত হৈ পৰিছে ৷ বিশেষকৈ কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী হৈ অহাৰ পিছত ৰাজেন গোহাঁইয়ে কামপুৰত উৰণীয়া সেতুৃৃৃঁ নিৰ্মাণ আৰু দূৰণীবটিয়া ৰেল ৰখােৱাৰ প্ৰতিশ্ৰুতি দিছিল সেয়া বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে ৷

উল্লেখ্য,উৰণীয়া সেতু নথকাৰ বাবে কামপুৰ বজাৰৰ মাজ মজিয়াত থকা ১নং ৰেল গেটখন ছাত্ৰ-ছাত্ৰীৰ লগতে কামপুৰৰ ৰাইজৰ বাবে যান-জোঁটৰ একমাত্ৰ কাৰন হৈ পৰিছে যাৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি হৈ আহিছে ৷

ইফালে, গৰ্ভৱতী মহিলাকে ধৰি ৰোগীক চিকিৎসালয়লৈ নিয়াৰ সময়ত ৰেলগেটখন বন্ধ হৈ থকাৰ বাবে বহু ৰোগীৰ ইতিমধ্যে মৃত্যুও ঘটিছে আৰু পূৰ্ব্বতে এই ৰেল গেটখনৰ বাবে কেইবাটাওঁ দুৰ্ঘটনাও সংঘটিত হৈছে ৷ সেয়ে কামপুৰৰ বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত ৰেল গেটৰ ওপৰত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে দাবী জনাই আহিছে যদিও গুৰুত্ব দিয়া নাই সংশ্লিষ্ট কৰ্তৃপক্ষ তথা ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইৰ লগতে ৰেল বিভাগে।

ৰেল ৰাজ্যিক মন্ত্ৰীৰ দ্বায়িত্ব লৈ কামপুৰত উপস্থিত হোৱাৰ পিছত কামপুৰৰ উন্নয়ন সম্পৰ্কে বহু কেইটা গুৰুত্ব পূৰ্ণ মন্তব্য কৰিছিল ৰাজেন গোঁহাইয়ে ৷ কামপুৰৰ ৰেল ষ্টেচন ওখ কৰা, কামপুৰত অভাৰ ব্ৰীজ স্থাপন কৰা প্ৰতিশ্ৰুতি দিছিল কেন্দ্ৰীয় মন্ত্ৰী জনে।

কিন্তু আজিকোপতি কামপুৰৰ সমস্যা সমাধানত মনোযোগ নিদিলে ৰেল মন্ত্ৰী জনে ৷ ইফালে, উক্ত সমস্যা সমাধানৰ দাবীত অঞ্চলবাসীয়ে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। পিছত  ৰেল বিভাগৰ বিষয়াসকল প্ৰতিবাদ স্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ লগত আলোচনাত মিলিত হৈ সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে৷

প্ৰতিবাদকাৰীসকলে পোন্ধৰ দিনৰ সময় দি প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে৷ এই প্ৰতিবাদৰ ফলত দীৰ্ঘসময় ধৰি কামপুৰ ষ্টেছনত আৱদ্ধ হৈ পৰে গুৱাহাটী-লামডিং যাত্ৰীবাহী ৰেল গাড়ীখন ৷