গুৰুৱে গ’ল ৰকি হ’তে নগ’ল

গুৱাহাটীঃ দৰং জিলাৰ ধূলাত ক্ৰমান্বয়ে শাম কাটিছে উত্তজনাৰ৷ ধূলাৰ ২ নং আটাকাটা আৰু ননকা গৰাপুৰী অঞ্চলত শোকাকুল পৰিবেশে বিৰাজ কৰিছে৷ তাৰ মাজতে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ধূলাত আৰক্ষী থানাত উপস্থিত হৈ দৰং জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতৰ বুজ লোৱাৰ লগতে পৰিস্থিতি যাতে অধিক বেয়াৰ ফালে নাযায় প্ৰশাসনক সস্তম হৈ থাকিবৰ বাবে নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ধূলাত আৰক্ষী থানাত উপস্থিত আৰক্ষীৰ প্ৰহাৰত নিহত আৰু আৰক্ষীৰ গুলীত নিহত হোৱা দুয়োটা পৰিয়ালৰ লোকক সাক্ষাৎ কৰি ৫ লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰে।

ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মতে ধূলালৈ আহে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৃহস্পতিবাৰে ধূলা ভ্ৰমণ কৰে পৰিস্থিতিৰ বুজ লয় জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। আনহাতে, ঘটনাৰ তদন্ত কৰাৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে। মুখ্যমন্ত্ৰীয়ে ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ দিয়ে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুক৷ স্মৰ্তব্য যে, দৰং জিলৰ ধূলাত বুধবাৰে আৰক্ষীৰ গুলীত এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল৷ আৰক্ষীয়ে শূণ্যত গুলী ফুটাই প্ৰতিবাদকাৰীক খেদাৰ চেষ্টা কৰাৰ সময়তে মহিদুল ইছলাম নামৰ এজন প্ৰতিবাদকাৰৰী দেহত গুলী লাগি মৃত্যু হয়।

হাচান আলী নামৰ আচামীগৰাকীক ধূলা আৰক্ষীয়ে বেয়াকৈ প্ৰহাৰ কৰি হত্যা কৰা বুলি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰতিবাদ কৰিবলৈ ওলাই অহাত লংকাকাণ্ড সংঘটিত হৈছিল৷ প্ৰশাসনে পৰিস্থিত নিয়ন্ত্ৰণ তথা পৰিস্থিতি স্বাভাৱীক কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী পৰিমলে ধূলা ভ্ৰমণ কৰাৰ সময়ত সংগ দিছিল মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে৷ আনহাতে বৃহস্পতিবাৰে কাহিলী পুৱাই বিধায়ক গুৰুজ্যোতি দাসে ধূলাত উপস্থিত হৈ নিহতৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে৷ আনহাতে, বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ এটি সজাতি দলে ধূলা কাণ্ডৰ বুজ লোৱাৰ উদ্দেশ্যে মঙলদৈত উপস্থিত হয়৷ মঙলদৈত উপস্থিত হয় যদিও ধূলালৈ যোৱাৰ অনুমতি প্ৰদান নকৰিলে প্ৰশাসনে৷

প্ৰদেশ কংগ্ৰেছৰ দলটোক দৰং জিলাৰ ধূলা কাণ্ডত নিহতৰ পৰিয়ালক সাক্ষৎ কৰাৰ অনুমতি প্ৰদান নকৰাত ক্ষোভিত হৈ পৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে৷ নিহত আত্মীয়ক সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান নকৰাত উভতি আহিব লগা হয়৷ দূৰ্গা দাস বড়ো, বলিন কুলিৰ লগতে স্থানীয় কংগ্ৰেছৰ নেতাৰ দলটোৱে ক্ষোভ প্ৰকাশ কৰি চৰকাৰক সমালোচনা কৰে৷ দৰং জিলাৰ উপায়ুক্তই ধূলালৈ যোৱাৰ অনুমতি প্ৰদান নকৰাত ক্ষোভিত হৈ পৰে দলটোৱে৷

অৱশেষত এখন স্মাৰক পত্ৰ প্ৰদান কৰিয়েই উভতি আহিব লগা হয় কংগ্ৰেছৰ দলটোৱে৷ নিহতৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে ঘটনাৰ ন্যায়িক তদন্ত কৰাৰ দাবী জনায়৷ আনহাতে দৰং জিলা কংগ্ৰেছৰ সহযোগত মঙলদৈ ৰাজীৱ ভৱনৰ পৰা মঙলদৈৰ চহৰত এটি প্ৰতিবাদী সমদৰ উলিয়াই ধূলা কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে৷ প্ৰতিবাদস্থলীত আৰক্ষীৰ গুলীচালনাত নিহত মহিদুল ইছলাম আৰু আৰক্ষীৰ প্ৰহাৰত নিহত হাচান আলীৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে সজাতি দলটোৱে।