
তেজপুৰ টাউনঃ তেজপুৰৰ আগশাৰীৰ সাহিত্য-সাংস্কৃতিক অনুষ্ঠান তৰুণ অসম সংঘৰ উদ্যোগত ঐতিহ্যমণ্ডিত তেজপুৰত যোৱা ৫ জানুবাৰীৰ পৰা অনুষ্ঠিত অনুষ্ঠিত গ্ৰন্থ মেলাৰ ১০ জানুৱাৰীত সামৰণি পৰে। নগাঁও স্থিত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাৰ্চায ড০ কন্দৰ্প কুমাৰ ডেকাই উদ্ধোধন কৰা গ্ৰন্থ মেলাত মুখ্য অতিথি ৰূপে শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা উপস্থিত থাকে।
তৰুণ অসম সংঘৰ কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত গ্ৰন্থ মেলাৰ সৈতে সংগতি ৰাখি বিশেষ বক্তৃতা অনুষ্ঠান, কবি সন্মিলন, কবিতা আবৃত্তি, চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰী, পুৰুষ-মহিলাই অংশ গ্ৰহণ কৰে। গ্ৰন্থ মেলাত বিপনীৰ সংখ্যা যঠেষ্ট কম হোৱাৰ লগতে গ্ৰাহকৰ উপস্থিতিও সেৰেঙা দেখা গৈছিল।
গ্ৰন্থ উৎসৱত অংশগ্ৰহণ কৰা বিপনী সমূহৰ মতে আগন্তুক ভোগালী বিহুৰ বাবেই পঢ়ুৱৈ ৰাইজৰ উৎসাহ কম দেখা যায়। ১০ জানুবাৰীত তেজপুৰ গ্ৰন্থ উৎসৱৰ সামৰণি অনুষ্ঠানৰ অনুষ্ঠিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বঁটা বিতৰণী সভা অনুষ্ঠিত হোৱাৰ লগতে সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে নটসূৰ্য বঁটা প্ৰাপ্ত শিল্পী ড০ উদয় শংকৰ শইকীয়াই।