১৩ জানুৱাৰীৰ পৰা ঐতিহাসিক নেহৰুবালিত ভোগালী উৎসৱ

photo, monimala
photo, monimala

নগাঁওঃ সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অহা ১৩ জানুৱাৰীৰ পৰা পাঁচ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ঐতিহাসিক নেহৰুবালি আৰু ডচন স্কুল খেলপথাৰত অনুষ্ঠিত হ’ব ভোগালী বিহু উৎসৱ৷ ১৩ জানুৱাৰীত ডচন স্কুল খেলপথাৰত উৰুকাৰ বজাৰ, জনগোষ্ঠীয় খাদ্য মেলা আৰু ভেলাঘৰত নাম-কীৰ্তন আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব৷

১৪ জানুৱাৰীত একেটা স্থানতে পুৱাৰ ভাগত মেজি প্ৰজ্বলনেৰে অগ্নি সেৱা, বয়োজ্যেষ্ঠ নাগৰিকক অসমীয়াৰ পৰম্পৰা অনুসৰি শ্ৰদ্ধা জ্ঞাপন আৰু বিহুৰ সমূহীয়া জলপান গ্ৰহণ কৰা হ’ব৷ দুপৰীয়া ঐতিহাসিক নেহৰুবালিৰ বাকৰিত বিহুৰ পতাকা উত্তোলনৰ লগতে প্ৰদৰ্শনীমূলক ৰে’ল আৰু আত্মসহায়ক গোটৰ বিপনী মুকলি কৰা হ’ব৷

সন্ধ্যা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান৷ ১৫ জানুৱাৰীত পুৱা ১১ বজাত এটি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে পৰ্যায়ক্ৰমে চাইকেল প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, বোৱাৰীৰ বিহুনৃত্য প্ৰতিযোগিতা আৰু দিবা-নৈশ ভলিবল প্ৰতিযোগিতা আদিৰ অন্তত সন্ধ্যা সদৌ অসম ভিত্তিত বিহুকুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷

১৬ জানুৱাৰীত দিনৰ ভাগত বিষ্ণুৰাভা সংগীত, স্ব-নিৰ্বাচিত কবিতা আবৃতি, মহিলাৰ পৰম্পৰাগত সাজপাৰ, মহিলাৰ মাজত পিঠা বনোৱা আদি প্ৰতিযোগিতাৰ লগতে সন্ধ্যা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান৷ ১৭ জানুৱাৰীত পুৱাৰ ভাগত জ্যোতি সংগীত আৰু ভেশচন প্ৰতিযোগিতাৰ পিছতে বিয়লি প্ৰীতি সন্মিলন, বঁটা বিতৰণী তথা স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ’ব৷ সন্ধ্যা অনুষ্ঠিত হ’ব এখন বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান৷