চৰৰ শিক্ষক এম আব্দুল মজিদক সম্বৰ্ধনা জনালে বৰপেটা গ্ৰন্থমেলাই

নগৰবেৰাঃ ওৰেটাে জীৱন বৰপেটাৰ চৰ অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱাত ব্যস্ত হৈ থাকি অৱসৰ গ্ৰহণ কৰা এম আব্দুল মজিদ নামৰ শিক্ষগৰাকীক বৰপেটা গ্ৰন্থ উৎসৱে সম্বৰ্ধনা যাচে৷ মানৱ সম্পদ গঢ়াৰ খনিকৰ শিক্ষা দানৰ বাহিৰে আন কথা নভবা বৰপেটা আলোপতিচৰৰ কৃতী শিক্ষক এম আব্দুল মজিদক বৰপেটা গ্ৰন্থ উৎসৱে সম্বৰ্ধনা জ্ঞাপন কৰাত আলোপতি চৰৰ সচেতন লোকসকলে আনন্দিত হৈ পৰে৷

পিছপৰা, বঞ্চিত চৰৰ লোকসকলক বিভিন্ন পক্ষই অৱহেলা নানা বদনাম কৰাৰ সময়তে চৰৰ এগৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱাত বৰপেইটা ফেচবুক ফ'ৰাম'ৰ শলাগ লয় চৰৰ ৰাইজে৷ বৰপেটা বিদ্যাপীঠ খেল পথাৰ প্ৰাংগনত অনুষ্ঠিত দ্বিতীয় সংখ্যক বৰপেটা গ্ৰন্থ উৎসৱ উদযাপন সমিতিয়ে শিক্ষকগৰাকীৰ লগতে জিলা খনৰ বিভিন্ন প্ৰান্তৰ চাৰিগৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকক সম্বৰ্ধনা জনায়৷

বাঘবৰ সমষ্টিৰ আলোপতিচৰৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক এম আব্দুল মজিদক সম্বৰ্ধনা জনোৱাত চৰ অঞ্চলৰ সচেতন মহলৰ লগতে প্ৰাক্তন ছাএ-ছাএীসকলো উৎফুল্লিত হৈ পৰে৷ ৫ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল বৰপেটা গ্ৰন্থমেলা৷