উৰুকাত এসাঁজ উদৰ পূৰাই খাবলৈ সাজু নলবাৰীবাসী

নলবাৰীঃ ভোগৰ উৎসৱ ভোগালী বিহুৰ বাবে মাজত মাথো কেইটামান ঘন্টা৷ অসমৰ গাঁৱৰ পথাৰত সকলো ব্যস্ত ভেলাঘৰত অন্তিম পৰশ দিয়াত৷ নিজ নিজ ঘৰত ব্যস্ত মহিলাসকল৷ এতিয়া যেন কাৰোৰে আহৰি নাই৷ ভোগৰ ভোগজৰাক লৈ পুনৰ অসমীয়াৰ চোতাল পালেহি বাপতিসাহোন আদৰৰ ভোগালী বিহু৷ চৌদিশে এতিয়া ভোগালীক আদৰিবলৈ চলিছে পূৰ্ণ প্ৰস্তুতি৷

জীয়ৰী-বোৱাৰী, ডেকা-বুঢ়া সকলো যেন ব্যস্ত হৈ পৰিছে আদৰৰ বিহুক আদৰিবলৈ৷ পাকঘৰৰ পৰা পথাৰলৈকে সকলোতে এতিয়া বিদ্যমান ভোগালীৰ ছবি৷ কৃষ্টি আৰু পৰম্পৰাই যেন জীপাল কৰি তুলিছে মানুহৰ মন আৰু পথাৰখনক৷

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নলবাৰীতো বিভিন্ন প্ৰকাৰৰ ভেলাঘৰ সাজু কৰিছে ৰাইজে৷ নলবাৰী জিলাত এতিয়া মহিলা ব্যস্ত আখলত৷ পুৰুষসকলে ভোগালীৰ পিঠা-পনা, জলপান তৈয়াৰ কৰাৰ কাৰণে গৃহিনীক যতনাই দিছে৷ ইফালে, ভোগালীৰ ভোগৰ বাবে উৰুকাত এসাঁজ উদৰ পুৰাই লগে-ভাগে খাবৰ বাবে ব্যস্ত হৈ পৰিছে ধনী-দুখীয়া সকলো পৰিয়াল ৷

তদুপৰি গাঁৱৰ জীয়ৰী-বোৱাৰীহঁতে বহু উপলক্ষে ঘৰলৈ আহিবলগীয়া অতিথিসকলক আপ্যায়ণ কৰিবৰ নিমিত্তে পুৰাদ্দমে নামি পৰিছে পিঠা-পনা, জলপান, সান্দহ সাজু কৰাত ব্যস্ত৷ জিলা খনৰ বিভিন্ন ঠাইত বিভিন্ন আৰ্হিৰ ভেলাঘৰ সাজি উলিয়াইছে৷ নলবাৰী জিলাৰ বনগাঁৱত ৰাভজে নিৰ্মাণ কৰিছে দুমহলীয়া ভেলাঘৰ৷ ছাগলী আকৃতিৰ ভেলাঘৰৰ সজোৱাৰ লগতে ভিন্ন প্ৰান্তত ৭০-৮০ ফুট উচ্চতাৰ ভেলাপুজি নিৰ্মাণ কৰা দেখা যায়৷ জিলাখনৰ পাইকাৰকুছি, গুৱাকুছি, ভুনুকুছিৰ লগতে অন্য প্ৰান্তত চমক সৃষ্টি কৰি ভেলাঘৰ নিৰ্মাণ কৰিছে৷