চোৰাং চিকাৰীয়ে ধৰিছে পৰিভ্ৰমি চৰাই, ভদ্ৰ সমাজৰ একাংশ লোকে কিনি খাইছে

নগাঁওঃ শীতৰ আগমনৰ লগে লগে ৰাজ্য খনৰ বিভিন্ন ঠাইৰ বিল সমূহলৈ পৰিভ্ৰমী চলাইৰ আগমণ ঘটে৷ কিন্তু পৰিভ্ৰমি চৰাই সমূহক একাংশ লোকে মাংসৰ লোভত নতুবা বিক্ৰী কৰি ধন ঘটাৰ লোভত বিভিন্ন প্ৰকাৰে আৱদ্ধ কৰি বিকাৰী কৰে নতুবা ভক্ষণ কৰে৷ ৰাজ্যত বন সুৰক্ষা দিৱস পালন, মন্ত্ৰীয়ে বন্যপ্ৰাণী ৰক্ষণাবেক্ষণৰ ব্যৱস্থা হাতত লোৱা বুলি বৰ বৰ কথা কৈ অহাৰ সময়তে মৰিগাঁও আৰু নগাঁও জিলাৰ সীমান্তবৰ্তী কুঁজি বিলত অসাধু চক্ৰই অবাধে বনৰীয়া চৰাইৰ নিধন যজ্ঞ অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে৷

বটদ্ৰৱা সমষ্টিৰ শিলপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কুঁজি বিললৈ প্ৰতি বছৰে আহিন-কাতি মাহৰ পৰা কাম চৰাই, পানী কাউৰী, শৰালি, ঢেঁকৰ, কোহা, বনৰীয়া ৰাজহাঁহকে প্ৰমুখ্য কৰি বিভিন্ন প্ৰকাৰৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে৷ আনকি আজিৰ পৰা তিনি বছৰমান আগলৈকে বিৰল প্ৰজাতিৰ শামুক ভঙা (একোটাৰ ওজন দুইৰ পৰা তিনি কিল’গ্ৰাম পৰ্যন্ত) চৰাইও এই বিলখনলৈ আহি আছিল যদিও একাংশ অত্যাচাৰী মানুহৰ বাবেই এনে চৰাই সম্প্ৰতি নহা হৈছে৷

ইফালে, বিলখনলৈ এনেদৰে পৰিভ্ৰমী পক্ষীৰ আগমনৰ লগে লগেই বিলখনক কেন্দ্ৰ কৰি আহিন-কাতি মাহৰ পৰা আৰম্ভ হয় বনৰীয়া চৰাইৰ নিধন প্ৰক্ৰিয়া৷ এক বিশ্বস্ত সূত্ৰৰ খবৰ অনুসৰি, বিগত দিনকেইটাত বিলখনৰ দাঁতি কাষৰীয়া বগৰিগুৰি, বৰভেটি, ভেৰভেৰী, পদুমনি, সৰু কুঁজিপাৰ আদি পথাৰসমূহত চৰাই নিধনকাৰীৰ দলে কেইবা হাজাৰ চৰাই নিবিঘ্নে নিধন কৰিছে৷ তাৰ মাজতে চোৰাং চিকাৰীয়ে ধৰা এযোৰ শৰালি হাঁহ বিক্ৰী হ’ল তেৰশ টকাত৷ অবিশ্বাস্য যেন লাগিলেও কিন্তু এই কথা সত্য৷

ৰাজ্যৰ চৌপাশে ভোগালী বিহুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উখল-মাখল পৰিবেশৰ মাজতে হেঁপাহৰ উৰুকাৰ নিশা খাবলৈ আকাশলংঘী দামতেই বনৰীয়া চৰাই ক্ৰয় কৰিলে এচাম ভোজনবিলাসী মাংসলোভী লোকে৷ জানিব পৰা মতে, নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামুৰীয়া বটদ্ৰৱা সমষ্টিৰ বৰিবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত কুঁজি, কুসুমবৰি, ভেহুগুৰি, ৰৈমাৰী, টুকটুকী, বৰিবজাৰ, শিলপুখুৰী আদি অঞ্চলত মাঘ বিহুৰ আজিৰ উৰুকাৰ পুৱতি নিশাৰে পৰা বনৰীয়া পক্ষী ক্ৰয় কৰাৰ কাৰণে ভদ্ৰ সমাজৰ একাংশ লোকে যথেষ্ট ভিৰৰ সৃষ্টি কৰে৷

গ্ৰাহকৰ এনে সমাগমৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি উক্ত অঞ্চলৰ অসাধু ব্যৱসায়ীয়ে এযোৰ শৰালি হাঁহ ৯০০-১৩০০ টকা পৰ্যন্ত চ’ৰা দামত বিক্ৰী কৰি মুনাফা অৰ্জন কৰে৷ তদুপৰি কাম চৰাই ২২০-২৫০ টকা আৰু ঢেঁকৰ ১০০-১৫০ টকা দৰত অবাধে বিক্ৰী হয় বুলি খবৰ পোৱা গৈছে ৷ কোৱাটো সমীচিন যে, যি সময়ত বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনে ঢাক-ঢোল বজাই নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰাৰ বাবে উঠি-পৰি লাগিছে, তেনে সময়তে বৰিবজাৰ আৰক্ষী চকীৰ বিভিন্ন অঞ্চলত বনৰীয়া পৰিভ্ৰমী পক্ষীৰ এনে মুকলি বেহাই জৈৱ-বৈচিত্ৰৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷ আনকি এনে অবৈধ বেহা ৰুধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহন নকৰি বৰিবজাৰ আৰক্ষীয়ে ৰহস্যজনকভাবে নিৰৱ ভূমিকাহে ৰূপায়ণ কৰাত সচেতন মহলে গৰিহণা দিছে৷