
গুৱাহাটীঃ সংস্কৃতিয়ে পৰিবর্তন কৰাত সহায়ত কৰে। সংস্কৃতিয়ে অভ্যন্তৰীণ সৃজনশীল প্ৰতিভাক বিকাশত সহায় কৰে। শিল্পকলা বুলি কলে প্ৰধানকৈ কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ আদিৰ মানুহৰ পৰিবৰ্তন সাধন কৰে৷ আমাৰ ৰাজ্য অসম খনো চিত্ৰকলা আৰু শিল্পকলাৰ ভৰাল৷ অসমৰ শিল্পক বিশ্বত উজলাই তুলিবলৈ শিল্পগ্ৰাম নামেৰ এটি অনুষ্ঠানৰ জন্ম হৈছিল৷
২00৬ চনত গুৱাহাটীৰ পাঞ্জাবাৰীত শিল্পগ্ৰাম নামেৰে স্থাপন কৰা কেন্দ্রটোৱে শিল্প কলাৰ ক্ষেত্ৰত কাম কৰি গৈছে৷ শিল্পগ্ৰামৰ ১২তম প্রতিষ্ঠা দিৱস উপলক্ষে শিল্পগ্রাম মহোৎসৱ অহা ১৭-২০ জানুৱাৰীত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে।
শিল্পগ্ৰাম মহোৎসৱত লোকসংগীত, লোকনৃত্য, থিয়েটাৰ, পৰম্পৰাগত খাদ্য, কলা, আৰু শিশুৰ কলা কৌশলৰ সংমিশ্ৰনেৰে ৰাষ্ট্ৰীয় কলা উৎসৱ ইনুষ্ঠিত হ’ব।
পৰম্পৰাগত কলা, লোকসংগীত, লোকনৃত্য আৰু লোকখাদ্যক দাঙি ধৰাৰ উদ্দেশ্যে অনুষ্ঠিত হ’বলগীয়া মহোৎসৱ অসমৰ মাণ্ডলিক কেন্দ্ৰৰ লগতে অন্যান্য প্ৰান্তৰ লোকশিল্পীৰ দলক আমন্ত্রণ জনোৱা বুলি জানিব পৰা গৈছে।
শিশুসকলৰ প্রতিভা বিকাশৰ অনুষ্ঠান, জাদু প্ৰদৰ্শন, শিশু চিত্রনাট্য আৰু চিত্ৰাংকন কর্মশালা, উত্তৰপূৱৰ আঠখন ৰাজ্যৰে বিভিন্ন জনগোষ্ঠীৰ লোকনৃত্য আৰু লোকসংগীত, নাট আৰু থিয়েটাৰ প্ৰদৰ্শন, মূকাভিনয় প্রদর্শনী উপস্থাপনৰ উপৰিও বিশিষ্ট শিল্পী সোণাল মানসিংহৰ ধ্ৰুপদী নৃত্য, জনপ্ৰিয় কণ্ঠশিল্পী, লোকসংগীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব৷ বস্ত্ৰমেলা, পৰম্পৰা খাদ্যমেলা প্ৰদৰ্শনো অনুষ্ঠিত হ’ব৷
সংগীত, নৃত্য, থিয়েটাৰ, কলা, চিত্ৰ ভাস্কৰ্য আৰু নৃতাত্ত্বিক প্রচাৰ, প্ৰসাৰ, সংবৰ্ধন আৰু সংৰক্ষণৰ বাবে উত্তৰ-পূর্বাঞ্চলীয় ৰাজ্যসমূহৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষা আৰু বিকাশ কৰি তোলাৰ বাবে উত্তৰ পূৱত এটি কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰাণালয়ৰ শাখা স্থাপন হ’ব বুলিও জানিব পৰা গৈছে৷
শিল্পগ্ৰামক উত্তৰ-পূবাঞ্চলৰ চিত্ৰকলা আৰু শিল্পকলা ভঁৰাল হিচাপে কাম কৰি অহাক বিভিন্ন সময়ত কর্মশালাৰ আয়োজন, শিৱিৰ স্থাপন, শিশুসকলৰ প্ৰতিভা সন্ধানী কার্যকালাপৰ মাধ্যমেৰে চাৰু কলাশিল্প প্ৰচাৰ প্ৰসাৰ কৰি অহা দেখা যায়।
নাগালেণ্ডৰ ৰাজ্যপাল পদ্মনাভ বালকৃষ্ণ আচার্যই অহা ১৭ জানুৱাৰীৰ বিয়লি ৫.৩০ বজাত অতিথি হিচাপে উপস্থিত থাকি মহোৎসৱৰ শুভাৰম্ভ কৰিব। সাহিত্যিক, শিক্ষাবিদ শিল্পী ড০ বীৰেন্দ্রনাথ দত্ত, গুৱাহাটী বিশ্ৱবিদ্যালয়ৰ উপাচাৰ্য় ড০ মৃদুল হাজৰিকা, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।