দস্যু জিতুৰ দাৰ ঘাপত ৰক্তাক্ত হ’ল শিৱস্থান, মাতৃ-পুত্ৰৰ মৃত্যু, মৃত্যুৰ সৈতে যুজিছে পিতৃয়ে

কলিয়াবৰঃ ভোগালী বিহুৰ কাহিলী পুৱাই এগৰাকী মাতৃ আৰু পুত্ৰৰ নিথৰ দেহ এখন পথাৰত পৰি ৰৈছে৷ চুবুৰীয়াই বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ পিছৰে পৰা পৰি ৰোৱা দুটা মৃতদেহ পথাৰত পৰি থকা কৰুণ দৃশ্য প্ৰত্যক্ষ কৰি কপি উঠে বহু লোকৰ অন্তৰ৷ নগাঁও জিলাৰ কলিয়াবৰৰ শিৱস্থানত দেওবাৰে পুৱা তথা মাঘ বিহুৰ পুৱাই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।

কলিয়াবৰৰ শিৱস্থানত পুৱাই সকলো ব্যস্ত হৈ পৰিছিল মাঘৰ বিহুৰ মেজি জ্বলোৱাত৷ পৰম্পৰাগত ভাৱে পূজা অৰ্চনা কৰি মাঘ বিহুৰ মেজিৰ জ্বলাই জ্যেষ্ঠজনৰ পৰা সেৱা লোৱাত ব্যস্ত হৈ থকাৰ সময়তে হুৱা-দুৱা লাগে গাঁও খনত৷ গাঁও খনৰ জিতু শইকীয়া নামৰ যুৱক জনে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে এটি পৰিয়ালক। গাঁও খনৰ পিতৃ-মাতৃ আৰু পুত্ৰক ৭০ বছৰীয়া ৰঘু বৰা পত্নী হীৰামাই বৰা আৰু পুত্ৰ অনন্ত বৰাক চোকা অস্ত্ৰৰ আক্ৰমণ কৰে৷

মূৰ তথা শৰীৰৰ বিভিন্ন ঠাইত পৰিয়ালটোৰ তিনি সদ্যক আঘাত কৰে৷ ফলত তিনিওগৰাকী লোক ঢলি পৰে৷ একাংশ লোকে দৌৰা-দৌৰিকৈ আহি তিনিওঁজনকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিবলৈ চেষ্টা কৰে যদিওঁ ইতিমধ্যে ৰঘু বৰাৰ পত্নী হীৰামাই বৰা আৰু পুত্ৰ অনন্ত বৰাৰ ইতিমধ্যে মৃত্যু হয়৷ আনহাতে ৰঘু বৰাৰ সংকটজনক অৱস্থাত স্থানীয় লোকে চিকিৎসালয়ত ভৰ্তি কৰে ৰাইজে৷ ৰঘু বৰাওঁ মৃত্যুৰ সৈতে যুজ দিয়া বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, শিৱস্থান নামৰ গাঁও খনৰ এটা মূৰৰ প্ৰায় ৬০-৭০ ঘৰ লোক বসবাস কৰে৷ শনিবাৰে নিশা তথা উৰুকাৰ নিশা সকলোৱে ব্যস্ত হৈ পৰিছিল এসাজ খাবলৈ৷ ভোজ-ভাত খাবৰ বাবে সকলোৱে সাজু হৈছিল৷ তেনে সময়তে দস্যু জিতু শইকীয়াই মদৰ ৰাগিত মাতাল হৈ অশ্লীল বাক্যবাণ কৰিবলৈ আৰম্ভ কৰে৷ তাৰ পিছতে ৰঘু বৰাৰ পৰিয়ালৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়৷

নিশা স্থানীয় লোকৰ হস্তক্ষেপত কাজিয়াৰ শাম কাটে৷ কিন্তু জিতু শইকীয়াই পুৱাই পুণৰ ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি হাতত চোকা অস্ত্ৰ লৈ পৰিয়ালৰ তিনিজন লোকক আক্ৰমণ কৰে৷ জধে-মধে আক্ৰমণ কৰাৰ ফলত লেবেজান হৈ পৰি ৰয় তিনিজন লোকক৷ মাতৃ আৰু পুত্ৰৰ থিতাতে মৃত্যু হয় যদিও পিতৃ ৰঘু বৰা মৃত্যুৰ সৈতে যুজ দিছে চিকিৎসালয়ত৷

ৰঘু বৰা বাসগৃহত ভোগালী বিহুৰ পুৱাই নিজ চোতালতে কাম কৰি থকা অৱস্থাত জিতু শইকীয়াই প্ৰথমে দাঁৰে পুত্ৰ তথা ছাত্ৰ অনন্ত বৰাৰ ডিঙিত ঘপিয়াই। তাৰ পিছতে অনন্তৰ মাতৃ ৬০ বছৰীয়া হীৰামাই বৰা আৰু ৭০ বছৰীয়া পিতৃ ৰঘু বৰাক ঘপিয়াই জিতু শইকীয়াই। আক্ৰমণৰ পিছতে থিতাতে নিহত হয় অনন্ত বৰাৰ লগতে মাতৃ হীৰামাই বৰা।

হত্যাকাণ্ড সংঘটিত কৰি পলায়ণ কৰে দস্যু জিতু শইকীয়াই। দেওবাৰে পুৱা সংঘটিত এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে স্থানীয় উত্তেজিত ৰাইজে ভাঙি লণ্ড-ভণ্ড কৰে জিতু শইকীয়াৰ বাসগৃহ। ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ।