চৰকাৰৰ সদিচ্ছা হ’বনে ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ স্মৃতি ৰক্ষা কৰিবলৈ

দিচাংমুখঃ অসমীয়া জাতিৰ নিজস্ব ইতিহাস আছে৷ অসমীয়াৰ জাতিৰ পূৰ্বপুৰুষসকল চহকী আহিল৷ সেই কথা নতুনকৈ কোৱাৰ নাইবা প্ৰমাণ কৰাৰ প্ৰয়োজন নাই৷ ইতিহাস ফহিয়াই চালে এই কথা জল-জল পট পট কৈ ওলাই পৰে৷ উজনি-নামনিৰ ইতিহাস তথা ইতিহাস সম্বলিত সমল সমূহ উনুকিয়াই চালে সকলো স্পষ্ট হৈ পৰে৷ শংকৰদেৱৰ কালৰ পৰা চালে অসমীয়া জাতিৰ পূৰ্বপুৰুষ যে চহকী আছিল সেই কথা স্পষ্ট হৈ পৰে৷ গাত, মাত, নৃত্য, সাহিত্য, যুদ্ধত পাকৈত আছিল সেই কথা নতুনকৈ কোৱাৰ প্ৰযোজন নাই৷

ৰাজ্যৰ খনৰ বিভিন্ন ঠাইত আজিও আছে পূৰ্বপুৰুষৰ স্মৃতি চিহ্ন সমূহ সজীৱ হৈ৷ আৰিমত্ত ৰজা, কোচ ৰজা কালৰ কথাই কওঁ নাইবা ৬০০ বছৰীয়া আহোমৰ শাসন কালৰ কথাই কওঁ পূৰ্বপুৰুষ সকলে অলেখ সমল এৰি থৈ গৈছে৷ যি সমূহ আমাৰ অমূল্য সম্পদ৷ বিশষকৈ আহোম ৰজাৰ কালত পূৰ্বপুৰুষে বহু সমল বহু স্মৃতি এৰি থৈ গৈছে৷ যাক লৈ আমি গৌৰৱ কৰো৷ যি সমূহ আমাৰ আৱেগ-অনুভূতি৷ কিন্তু আমাৰ আৱেগ অনুভূতি সুৰক্ষিত হৈ আছেনে৷

এয়াই আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন৷ কিয়নো বাৰিষা বানপানীত আমাৰ সম্পদ সমূহ পানীত ডুব গৈ থকা দেখা যায়৷ চকুৰ সন্মুখতে পুৰ্বপুৰুষৰ স্মৃতি সমূহ ধ্বংসৰ দিশে গতি কৰিলেওঁ গুৰুত্ব দিবলৈ কোনো নাই৷ অসমীয়াৰ বাবে ইয়াতকৈ বিড়ম্বনা কি হব পাৰে? অসমৰ ঐতিহাসিক চহৰ বুলি ক'লেই প্ৰথমতে সকলোৰে মনলৈ আহে শিৱসাগৰ চহৰৰ নামটো৷ উজনি অসম তথা শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলে বিভিন্ন ঐতিহাসিক সমল এৰি থৈ গৈছে৷ আহোম ৰজাই বৰ বৰ পুখুৰী, পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান, দৌল-দেৱালয়, যুদ্ধৰ সময়ৰ বহু সমল জিলাখনত আজিও ভৰপূৰ।

শিৱদৌল, বিষ্ণু দৌল, দেবী দৌল, দেউঘৰৰে ভৰপূৰ আহোম ৰাজ্যৰ একালৰ ৰাজধানীখনত আছে অসমীয়াৰ অভিমান স্বৰূপ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ। এই এতিহাসিক সমলবোৰ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয় সময়ে সময়ে৷ যোৱাটো বাৰিষাত বানৰ কবলত পৰিছিল শিৱসাগৰৰ ঐতিহাসিক ঘনশ্যাম দৌল। কেইবাদিনো বানত ডুব গৈ থকা গৈছিল দৌলটো৷ ঘনশ্যাম দৌলটোৰ চৌদিশ ওখ কৰাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈছিল জিলা প্ৰশাসনৰ বিৰুদ্ধে।

ভাৰতীয় পূৰাতত্ব বিভাগেও এই সূমহ সমল সুৰক্ষিত কৰাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান নকৰা বুলি দল-সংগঠনে অভিযোগ উত্থাপন হৈ আহিছে৷ কোনাবা ঠাইত যদি পূৰ্বপুৰুষৰ স্মৃতি পানীত ডুব গৈ থাকে আন এঠাইত আকৌ খহি পৰে দেৱাল। যেন চকুৰ সন্মুখতে ধ্বংসৰ দিশে গতি কৰিছে পুৰ্বপুৰুষৰ স্মৃতি৷ আহোম ৰজাৰ দিনৰ বৰ বৰ পুখুৰী, পেটুধুৱা পুখুৰী, জয়সাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী আৰু গৌৰীসাগৰ পুখুৰীৰ লগতে ডিব্ৰুগড় জিলাৰ আঘোনীবাই পখুৰী, গড়খাৱৈ মৈদাম অস্তিত্বৰ সংকটত পৰা দেখা যায়৷

ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত লেঙেৰী এক বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল৷ আহোম ৰাজত্ব কালত লেঙেৰীৰ শলগুৰিত বৃহৎ ৰজাদিনীয়া পুখুৰী, গৰুহৰাত তিনিটাকৈ মৈদাম, ঐতিহাসিক আঘোনীবাই নগৰৰ পথ আদি কীৰ্তিচিহ্নসমূহ অস্তিত্বৰ সংকটত পৰিছে। আঘোণীবাৰী শলগুৰি ঐতিহাসিক গড়কাপ্তানী পথৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগৰ টকৌৱনী গাঁৱত বামুনপুখুৰী, লেঙেৰী তিনিআলিৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগৰ যুৰীয়াপুখুৰী আৰু লেঙেৰী চাংমাই গাঁৱত পেটুধুৱা পুখুৰী আছে।

আহোমসকলৰ স্মৃতি বহন কৰা এই পুখুৰী কেইটা সংৰক্ষণৰ অভাৱত বৰ্তমান খেতি পথাৰলৈ ৰূপান্তৰিত হৈছে। আনহাতে আজি পৰ্যন্ত সম্পদসমূহক লৈ গুৰুত্ব আৰোপ নকৰিলে চৰকাৰে৷ বামুনবাৰীৰ স্মৃতি বামুনবাৰী পুখুৰীটোৰ পাৰত গঢ় লৈ উঠিছে অবৈধ বাসগৃহৰ লগতে দোকান-পোহাৰ। আনহাতে নামদাং চাৰিআলিস্থিত নাহৰ ৰজাই খন্দোৱা নাহৰ পখুৰী আৰু আঘোনীবাৰীস্থিত আঘোনীবাই পখুৰীও বিলুপ্তপ্ৰায় অৱস্থাত। পেলনীয়া জাৱৰ-জোথৰৰ বাবে ঐতিহাসিক পখুৰীকেইটাই মৃত্যুৰ ক্ষণ গনিছে।

তথাপি কাণসাৰ নাই জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ লগতে পূৰাতত্ব বিভাগৰ৷ আহোম-মোগলৰ যুদ্ধ তথা শৰাইঘাটৰ ৰণৰ কথা আহিলেই আগস্থান লাভ কৰে লাচিত বৰফুকনৰ কথাই৷ অসমৰ ইতিহাসৰ পাট লুটিয়াই চালে প্ৰথমে লাচিত বৰফুকন আৰু আহোম-মোগলৰ যুদ্ধৰ কথাই ওলাই পৰিব৷ মোগলক ধৰাশয়ী কৰা অসম আৰু অসমীয়াক ৰক্ষা কৰিছিল এই যুদ্ধত৷ এই যুদ্ধ আছিল অসমীয়া জাতিৰ বাবে অগ্নিপৰীক্ষা৷

লাচিতৰ নেতৃত্বত এই যুদ্ধ জয়ী হৈছিল তাহানিৰ অসমীয়াই৷ ১৬৭১ চনৰ এই যুদ্ধত মোগল সাম্ৰাজ্য আৰু আহোমৰ মাজত হৈছিল৷ নেতৃত্ব লৈছিল লাচিত বৰফুকনে। লাচিতৰ বুদ্ধিৰ সন্মুখত মোগল সৈন্য পৰাস্ত হ’ব লগা হয়। অসমৰ ইতিহাসত দেশপ্ৰেম, সাহস, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক বুলি কলে লাচিত বৰফুকনৰ কথা মনলৈ আহে৷ আহোম মোগলৰ যুদ্ধৰ হোতা অসমক বিদেশীৰ হাতৰ পৰা ৰক্ষা কৰা লাচিত বৰফুকনক উপয়ুক্ত সন্মান চৰকাৰ তথা উপয়ুক্ত সন্মান দিছে নাই সেই কথা কবলৈ নাযাও৷ কিন্তু শিৱসাগৰ জিলা প্ৰশাসনে অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে লাচিতক৷

শিৱসাগৰ জিলাৰ মাজ-মজিয়াত লাচিত বৰফুকনৰ স্মৃতিত স্থাপন কৰা লাচিত উদ্যানৰ পৰিৱেশে বীৰ গৰাকীক অপমান কৰি আহিছে৷ উদ্যান খনৰ চৌদিশে কাগজৰ টুকুৰা, চিপছৰ পেকেট, চিগাৰেটৰ পেকেট পৰি থকাৰ লগতে বহিবলৈ থকা ঠাই সমূহো লেতেৰা হৈ থকাত বীৰ গৰাকীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে শিৱসাগৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে৷ তাৰ লগে লগে ঐতিহাসিক শিৱসাগৰত আহোমৰ ৬০০ বছৰীয়া ৰাজত্বকালত খান্দি থৈ যোৱা পুখুৰী সমূহ বৰ্তমান অৱহেলিত আৰু উপেক্ষিত হৈ থকা দেখা যায়৷ যুগমীয়া চিহ্ন, যাৰ আধাৰত প্ৰাণ পায় উঠিছে বৃহত্তৰ অসমীয়া সংস্কৃতি আৰু গঠিত হৈছে বৃহৎ অসমীয়া জাতি।

আহোম ৰাজত্বকালৰ স্মৃতি বিজড়িত প্ৰায় পুখুৰীৰ এতিয়া পিতনি সদৃশ পৰিৱেশ। পৰ্যটনৰ কেন্দ্ৰবিন্দু শিৱসাগৰ চহৰৰ বৰপুখুৰী বুলি কলে জয়সাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী আৰু গৌৰীসাগৰ পুখুৰীৰ কথাতকে জানিব পৰা যায়। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতীৰ সোঁৱৰণত ১৫৫ একৰ ভূমিত ১৬৯৬ চনক খন্দা জয়সাগৰ পুখুৰীৰ পাৰতে আছে সতী জয়মতীৰ স্মৃতি বিজড়িত জয় দৌল। শিৱসাগৰ নগৰৰ মাজমজিয়াত আছে শিৱসাগৰ পুখুৰী। আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত দ্বিতীয় গৰাকী কুঁৱৰী অম্বিকাই ১৬৫৫ চনত ১৯৪ পুৰা ২ বিঘা ২ কঠা ৬ লেচা মাটিত খন্দোৱা শিৱসাগৰ পুখুৰী। শিৱসাগৰ পুখুৰী পাৰতে আছে শিৱ দৌল, দেৱী দৌল আৰু বিষ্ণু দৌল।

শিৱসাগৰ চহৰৰ পৰা পশ্চিমে প্ৰায় ১১ কিঃ মঃ নিলগত আছে গৌৰীসাগৰ পুখুৰী। ৪৫৩ বিঘা ৩ কঠা ১৫ লেচা ভূমিক সামৰি ফুলেশ্বৰী কুঁৱৰীয়ে ১৭৭৫ চনত এইটো পুখুৰী খন্দোৱা বুলি ইতিহাসে কয়৷ গৌৰীসাগৰ পুখুৰী পাৰতো তিনিটাকৈ দৌল আছে। কিন্তু ৰজাদিনীয়া পুখুৰী সমূহ এতিয়া অৱহেলিত আৰু উপেক্ষিত। দূৰ দূৰণিৰ পৰা পৰ্যটক আহে এই পুখুৰীসমূহ পৰ্যবেক্ষণ কৰিবলৈ। পুখুৰীৰ অৱস্থা দেখিলেই মানুহ আচৰিত হয়। চৰকাৰ প্ৰশাসনৰ দায়িত্বই যেন নাই পুখুৰী সমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত। পুখুৰী সমূহ মেটেকা, কলমৌ, কচু আৰু ঘাঁহ-বনেৰে ভৰি পৰিছে।

ৰজাদিনীয়া বৰপুখুৰী হৈছে গৈ জলাশয়হে। পুখুৰীৰ পানী প্ৰদূষিত হোৱাৰো অভিযোগ উত্থাপন হয়৷ নিৰ্দিষ্ট বিভাগৰ কোনো কাণসাৰ নাই ৰজাদিনীয়া পুখুৰী সমূহ সংৰক্ষণ কৰাত তথা পৰিষ্কাৰ কৰি পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ কৰিবলৈ৷ বৰ্তমান আহোম স্বৰ্গদেউৰ ৰাজ শাসন নাই কিন্তু আহোম জনগোষ্ঠীটো শক্তিশালী হৈ আছে। বাকী সংগঠন সমূহৰ কথা বাদেই আহোম জনগোষ্ঠীৰ কেইবাটাঁও সংগঠন আছে যদিওঁ সংগঠন সমূহেও বৰ্তমান নিৰৱ ভূমিকা পালন কৰি আহিছে। পৰ্যটনৰ উন্নয়ণৰ কথা কৈ বৰ বৰ কথা কৈ অহা চৰকাৰখনে ৰজাদিনীয় পুখুৰী তথা আহোম ৰাজত্ব কালৰ সমল সমূহ সুৰক্ষিত কৰিবনে সেয়াই লক্ষ্যণীয় হ’ব৷