বিধায়ক-আছু-পৰমাৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হ’ল, ধ্বংস হ’ব ৰূপকোঁৱৰৰ বাসগৃহ

ডিব্ৰুগড়ঃ ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণ কৰি ইতিহাস ৰচনা কৰাৰ লগতে অসমীয়া ছবিজগতৰ সোণালী অধ্যায় আৰম্ভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বুধবাৰে ৬৭ সংখ্যক মৃত্যুবাৰ্ষিকী৷ অসমীয়া জাতিৰ বাবে মহান অৱদান আগবঢ়াই যোৱা নাট্যকাৰ লেখক আৰু বোলছবি নিৰ্মাতা, ভাষা-সাহিত্য, কবিতাৰ ওজাক ৰাজ্য খনৰ দল-সংগঠনে তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে স্মৰণ কৰিব বুধবাৰে৷

ওৰোটো জীৱন অসমীয়া ভাষা, সাহিত্য, পৰম্পৰা, সংস্কৃতিৰ হৈ কাম কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া গীত-মাতত আধুনিকতাৰ পৰশ পেলোৱা মানুহগৰাকী বুলি কোৱা হয়৷

প্ৰৱন্ধ লিখক, সমালোচনা, শিশুসাহিত্য দিশত আগবঢ়ােৱা বৰঙণি তথা অসমীয়া সংস্কৃতিলৈ তেওঁৰ অৱদানৰ বাবে ‘ৰূপকোঁৱৰ’ উপাধি লাভ কৰিছিল। তেওঁৰ মৃত্যু তিথি ১৭ জানুৱাৰীত ‘শিল্পী দিৱস’ ৰূপে পালন কৰি আহিছে অসম তথা অসমীয়াই৷ বুধবাৰে ৰাজ্যজুৰি অসমবাসীয়ে পুনৰ স্মৰণ কৰিব শিল্পীগৰাকীক৷ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব শিল্পী দিৱস।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৬৭ সংখ্যক মৃত্যুবাৰ্ষিকীৰ উপলক্ষ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত শিল্পী দিৱস আয়োজনৰ পূৰ্ণ প্ৰস্তুতি চলি থকা বুলি জানিব পৰা গৈছে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এই যে আজিও ডিব্ৰুগড় জিলাৰ তথা মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ তামোলবাৰীত থকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহটো অৱহেলিত হৈ আছে। ১৯০৩ চনৰ ১৭ জুনত তামোলবাৰীৰ এই বাসগৃহৰ পৰাই পৃথিৱীৰ পোহৰ দেখা জ্যোতিপ্ৰসাদে সৃষ্টি কৰি গৈছিল গীত, কবিতা, নাটক, চিত্ৰনাট্য আদি।

এই বঙলাতে আজিৰ পৰা কিছু বছৰ আগলৈকে সংৰক্ষিত হৈ আছিল তেওঁৰ পিয়ানোখনৰ লগতে তামোলবাৰী চাহ বাগিচাৰ দ্বাৰা উৎপাদিত চাহৰ গুণগত মানৰ প্ৰমাণ হিচাপে লণ্ডনৰ পৰা লাভ কৰা প্ৰমাণ পত্ৰ খন৷ মহাভাৰতৰ শ্ৰীকৃষ্ণই অৰ্জুনৰ ৰথৰ সেনাপতি হিচাপে অংকিত কৰা এখন মূল্যৱান পট্ৰেইট, জুই পুৱাই সুকুমাৰ সৃষ্টিত মগ্ন হোৱা চৌকাৰ 'চিমনী'টো, আৰামী চকীখন, পঢ়াৰ টেবুল, টুপী থোৱা ষ্টেণ্ড, মূল্যৱান কাঠৰ পালেং, আচবাব আদি।

এতিয়াও ঘৰটোৰ পিছফালে থকা পুখুৰীটো আৰু নাওঁখনে জ্যোতি প্ৰসাদৰ স্মৃতি সজীৱ কৰি ৰাখিছে তামোলবাৰীত। অৱশ্যে কিছু বছৰৰ পূৰ্বে জ্যোতি প্ৰসাদৰ জন্মগৃহটোত থকা প্ৰায় সকলোবোৰ মূল্যৱান গ্ৰন্থ তেজপুৰস্থিত 'পকী'লৈ লৈ যোৱা হয় আৰু পৰৱৰ্তী সময়ত তামোলবাৰী বাসগৃহটো এৰাবাৰীত পৰিণত হয়৷ অসমীয়া জাতিৰ বাবে আপুৰুগীয়া সম্পদ বঙলাটো গৰু-ছাগলীৰ আশ্ৰয়স্থলত পৰিণত হৈছে। গো-মূত্ৰ, বিষ্ঠা, হাবি-জংঘলেৰে এৰাবাৰীত পৰিণত হৈছে বাসগৃহটো।

স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰি জ্যোতিপ্ৰসাদৰ বাসগৃহটো সংগ্ৰাহালয় হিচাপে চৰকাৰক দায়িত্ব লবলৈ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হয়৷ কিন্তু অসম চৰকাৰৰ পুৰাতত্ব বিভাগেই হওক নতুবা সাংস্কৃতিক বিভাগেই হওক কোনোটো বিভাগেই আজিলৈকে ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনোৱা নাই।

প্ৰায় এবছৰ পূৰ্বে অসম সাহিত্য সভাৰ তদানীন্তন প্ৰধান সম্পাদক তথা বৰ্তমানৰ নৱনিৰ্বাচিত সভাপতি পৰমানন্দ ৰাজবংশীয়ে তামোলবাৰী চাহ বাগিচাত উপস্থিত হৈ বাগিচা কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি জ্যোতিপ্ৰসাদৰ ঘৰটো সংৰক্ষণৰ বাবে চিন্তা কৰাৰ কথা প্ৰকাশ কৰিছিল যদিও পৰমাৰ কথাও ফুটুকাৰ ফেনত পৰিণত হয়।

একেদৰে ২০১৪ চনত তামোলবাৰীত সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় শিল্পী দিৱস অনুষ্ঠিত কৰি জ্যোতিৰ তামোলবাৰীক সংৰক্ষণৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব বুলি দৃঢ়তাৰে ঘোষণা কৰিছিল। এবছৰ পূৰ্বে লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাইও জ্যোতিৰ বাসগৃহ সংৰক্ষণৰ বাবে বিধানসভাৰ মজিয়াত উত্থাপন কৰিছিল।

কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে সকলোৱে আহে সকলোৱে যায় কিন্তু পিছ দিলে পৰ্বত হৈ পৰে৷ ইমানৰ পিছতো ঘৰটো সংৰক্ষণৰ বাবে কোনো ব্যৱস্থা লোৱা ন’হল। সম্প্ৰতি বাগিচাৰ মালিকপক্ষৰ হেমাহীত আৰু সংশ্লিষ্ট বিভাগৰ অমনযোগীতাৰ ফলত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিলৈ চহকী কৰি থৈ যোৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সম্পদ গৃহটো ধ্বংসৰ গৰাহলৈ গতি কৰিছে৷