
আমগুৰিঃ চাহ বাগিচাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে ৰাজ্যৰ এখন চাহ বাগিচাৰ শ্ৰমিক৷ শ্ৰমিকসকলে জীৱন আৰু সম্পত্তিৰ প্ৰশ্নক লৈ চিন্তিত শ্ৰমিকসকলে মঙলবাৰে শ্ৰম কৰিবলৈ যোৱা দেখা নগ’ল৷ কিয়নো বাগিচা খনৰ এগৰাকী যুৱকক বাগিচাৰ ভিতৰতে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে দুৰ্বৃত্তই৷ যাৰ বাবে শ-শ শ্ৰমিকে জীৱন আৰু সম্পত্তিৰ চিন্তাত মঙলবাৰে কামলৈ নোযোৱা কৈ থাকে৷
শিৱসাগৰ জিলাৰ আমগুৰি বৰবাম চাহ বাগিচাৰ শ্ৰমিকে মঙলবাৰে কোনো বন্ধ নাই যদিও কামলৈ নোযোৱাৰ ফলত উকা হৈ ৰ'ল বৰবাম চাহ বাগিচা। কিয়নো বাগিচাখনত সোমবাৰে নিশা সংঘটিত হয় এটা অতি হৃদয়বিদাৰক ঘটনা৷ বাগিচা খনৰ অমায়িক, সকলোৰে আপোন যুৱক পাপুক কোনো দুৰ্বৃত্তই হত্যা কৰে৷ মঙলবাৰৰ পুৱাই পাপুৰ মৃতদেহ একাংশ লোকে প্ৰত্যক্ষ কৰাৰ পিছতে হুৱাদুৱা লাগে৷
বাগিচাখনৰ ফেক্টৰি লাইনৰ এটা গলিত উদ্ধাৰ হয়৷ ডিঙিত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট হৈ থকাত বাগিচাখনৰ শ্ৰমিকসকলে হত্যাকাণ্ডৰ সৈতে জড়িত লোকক আটক কৰিবলৈ দাবী জনায়। নিশাৰ আহাৰ গ্ৰহণ কৰি নিজ ঘৰৰ পৰা সমনীয়াৰ সৈতে ওলাই গৈছিল যদিও যুৱক পাপু বাউৰিৰ ঘৰলৈ উভতি অহা নাছিল৷ তাৰ পিছত পুৱাই মৃতদেহ উদ্ধাৰ হয় বাগিচাখনৰ ফেক্টৰী লাইনৰ এটা গলিত।
ডিঙিত চোকা অস্ত্ৰৰ আঘাতত নিশাই মৃত্যু হৈছিল পাপুৰ। কিন্তু কোনে যুৱকজনক হত্যা কৰিলে তাক কেনেধৰণৰ পৰিস্থিতিত তেওঁৰ মৃত্যু হ'ল সেয়া এতিয়াও স্পষ্ট নহয়। স্থানীয় আমগুৰি আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে আৰু প্ৰতিৱেশী কম বয়সৰ এহাল কিশোৰ-কিশোৰীক সোধ-পোচৰ বাবে আটক কৰে।