
খাৰুপেটীয়াঃ আমি নিজেই নিজৰ একো একোগৰাকী সংগী৷ তথাপিও কেতিয়াবা কেতিয়াবা মানুহে নিজকে প্ৰশ্ন কৰে আমাৰ জীৱনৰ প্ৰকৃত সংগী কোন। আপুনি যদি কিতাপ পঢ়ে তেন্তে নিসন্দেহে কব পাৰিব আমাৰ প্ৰকৃত বন্ধু হৈছে কিতাপ৷ গ্ৰন্থ হৈছে একোগৰাকী মানুহৰ জীৱন পৰিক্ৰমা স্বৰূপ৷ গ্ৰন্থ অধ্যয়ণ কৰি লাভ কৰি অভিজ্ঞতা, জ্ঞানে মানুহক সৰল, সহজ, চিন্তাশীল কৰি তোলে৷ মানুহক ভালপোৱাৰ, প্ৰকৃতিক ভালপোৱাৰ আদি পাঠ কিতাপে আনি দিব পাৰে৷
মনৰ পৰা বেয়া চিন্তা দুৰ কৰি মন সজীৱ কৰে গ্ৰন্থই৷ গ্ৰন্থ মানৱ জীৱনৰ বাবে অমূল্য সম্পদ৷ জীৱন, সত্য, বিশ্লেষণ সকলো আহৰণ কৰিব পাৰি গ্ৰন্থ অধ্যয়ণৰ জৰিয়তে৷ গল্প, প্ৰবন্ধ, ৰচনা, ইতিহাস, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ যেন ভৰাল একো একো খন কিতাপ৷ সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কবিতা, কুইজ, অনুবাদমূলক সাহিত্য সকলো জ্ঞ্ৰানৰ বৰঘৰ৷ ইংৰাজী সাহিত্যকে ধৰি বিশ্বৰ বিভিন্ন সাহিত্য, পৰম্পৰা, কলা, কৃষ্টি সোৱাদ লব পাৰি কিতাপৰ জৰিয়তে৷
বুৰঞ্জী, মানৱ সভ্যতাৰ কথাও পুথি কেইখনে আমাক-আপোনাক দিয়ে৷ পুথিৰ আদৰ আৰু নতুনকৈ বৰ্ণনা কৰিব লগা নাই৷ কিতাপ পঢ়া মানুহৰ ঠাইক জ্ঞানী মানুহ থকা ঠাই বুলি আজিও কব খোজে মানুহে৷ মানুহৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। এখন গ্ৰন্থক জ্ঞানৰ অক্ষয় ভাণ্ডাৰ বুলি কয়। গ্ৰন্থৰ অধ্যয়নে মনৰ অন্ধকাৰ আতৰাই জ্ঞানৰ আলোকেৰে আলোকিত কৰি তোলে একো একোজন মানুহক৷ এই কথা যুগে যুগে বহু লোকে কৈ আহিছে৷ কিন্তু সময়বোৰ সলনি হ’ল৷ লাহে লাহে তথ্য আৰু প্ৰযুক্তি বিদ্যাই মানুহৰ হাতলৈ মোবাইল লৈ আহিল৷
সকলোৰে হাতে হাতে এণ্ডৰইড মোবাইল হোৱাৰ ফলত গুগলৰ চাহিদা বৃদ্ধি হ’বলৈ ধৰিলে৷ মোবাইলতে বহু তথ্য লাভ কৰিব ধৰিলে মানুহে৷ বিশ্ব আগশাৰীৰ দেশ বোৰে অনলাইন আলোচনী তথা ই-আলোচনী গ্ৰন্থ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে৷ আমাৰ দেশত তথা ৰাজ্যত লাহে লাহে কেনে এক ধাৰণা আৰম্ভ কৰিলে৷ বাতৰিৰ পৰা আৰম্ভ কৰি সকলো এতিয়া মোবাইলত পাবলৈ আৰম্ভ কৰিলে৷
জ্ঞানৰ অগ্ৰগতিৰ লগে লগে বিভিন্ন ইলেকট্ৰনিক মাধ্যমৰ আগ্ৰাসনৰ ফলত ৰাইজ তথা যুৱ প্ৰজন্মৰ মাজত অধ্যয়নৰ স্পৃহা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। সকলো ক্ষেত্ৰতে প্ৰতিযোগিতামূলক মনোভাৱৰ ফলত যুৱ প্ৰজন্মই গ্ৰন্থ অধ্যয়নতকৈ অন্যান্য বিষয়ত সময় অতিবাহিত কৰাৰ প্ৰৱনতাৰ বাবেই পুথিৰ প্ৰভাৱ কমি আহিল৷ কিন্তু তাৰ মাজতে কোনোৱে চিন্তা চৰ্চা কৰি গৈছে গ্ৰন্থৰ মাদকতাৰ কথা প্ৰচাৰৰ বাবে৷ ‘দ্যা আসাম বিটছ’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে অহৰহ চেষ্টা চলাই গৈছে গ্ৰন্থ পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবে৷
বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে খাৰুপেটীয়া দিক্সা একাডেমিত সোমবাৰে ‘ইণ্টাৰনেটৰ যুগত কিতাপ পঢ়াৰ গুৰুত্ব’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰে৷ দ্যা আসাম বিটছৰ পৰিচালৰ সঞ্চালক আজিজুৰ ৰহমানৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাত আৰম্ভণিতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পিছত উদ্দেশ্যে বাখ্যা কৰে স্বেচ্ছাসেৱী অনুষ্ঠানৰ প্ৰতিষ্ঠাপক ছেলিম মুস্তাকে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে খাৰুপেটীয়া মহাবিদ্যালয়ৰ আৰবী বিভাগৰ অধ্যাপক জাকিৰ হুছেইন, অৱসৰপ্ৰাপ্ত শিক্ষক তথা অধিবক্তা নিৰোধ বৰুন দাস, দিক্সা একাডেমিৰ সঞ্চালক দোস্ত মহম্মদ ছাফি, অধ্যক্ষা ছাজিনা ইয়াছমিন, শিক্ষক মাজহাৰুল ইছলামে উপস্থিত থাকি আধুনিক যুগত কিতাপক পিঠি দি ইণ্টাৰনেটত গুৰুত্ব প্ৰদান, শিক্ষাৰ অবিহনে কোনো জাতীয়েই আগবাঢ়িব নোৱাৰে বুলি কয়৷ সমাজত প্ৰচলিত বাল্য বিবাহ, শিশু শ্ৰমিক, কু-সংস্কাৰ সমূহ আতৰাই সমাজখনক কেনেকৈ আগুৱাই নিব পাৰি আদি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিস্তাৰিত ভাবে আলোচনা কৰে