
তুলসীবাৰীঃ ৰঙিয়াৰ সমীপৰ তুলসীবাৰীৰ ঐতিহ্যমণ্ডিত গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক উত্সৱ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ মঙলবাৰে উত্সৱৰ লাইখুটা স্থাপন কৰা হয়৷ সহস্ৰাধিক ভক্তৰ উপস্থিতিত উদুলি-মুদুলি হৈ পৰা থানত আয়তীৰ উৰুলি, শংখ, ঘণ্টাৰ ধ্বনিৰে মাংগলিক পৰিৱেশত লাইখুটা স্থাপন কৰে কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কমল বৈশ্যই৷
উদযাপন সমিতিৰ সভাপতি কনক কলিতাৰ সঞ্চালনাত অনুষ্ঠিত ধৰ্মালোচনী সভাত অংশ গ্ৰহণ কৰি উপায়ুক্তগৰাকীয়ে থান খন সমূহীয়া ঐশ্বৰিক কেন্দ্ৰস্থল ৰূপে অভিহিত কৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সমূহীয়া ভাবে অংশগ্ৰহন কৰা ধৰ্মীয় অনুষ্ঠানে সাতামপুৰুষীয়া সম্প্ৰীতিৰ বাৰ্তা বাহক হৈ থকাৰ কামনা কৰে৷
আনহাতে অনুষ্ঠানত অংশগ্ৰহন কৰি ছাত্ৰ নেতা ধৰ্মেশ্বৰ দাসে সম্প্ৰতি যুৱ উশৃংখলতাই গা কৰি উঠাৰ সময়তে মাৰলী থানৰ অনুষ্ঠানে নৱপ্ৰজন্মক চিন্তা কৰাৰ সাহস দিয়ে বুলি কয়৷ ভাষণ প্ৰসংগত ছাত্ৰ নেতাগৰাকীয়ে থান খনত শিশুউদ্যাণ, পথ নিৰ্মাণ, তথা নৱ নিৰ্মিত ৰাজহুৱা পুখুৰীৰ বেৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণৰ বাবে উপায়ুক্তগৰাকীৰ ওচৰত সজোৰে আহ্বান জনায়৷ অনুষ্ঠানত থান পৰিচালনা সমিতিৰ সভাপতি দেবদত্ত ৰাজবংশী, সমাজকৰ্মী গোলোক চন্দ্ৰ কলিতা, শিক্ষক বিনোদ কলিতা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে৷