আজিও কান্দে অন্তৰে, ১২০৬ ঘৰ থলুৱাক চকু মেলি চাব চৰকাৰে

ডিব্ৰুগড়ঃ প্ৰতিটো বাৰিষাই হাহাকাৰ কৰে তেওঁলোকে। আকাশৰ পৰা বৰষুণৰ টোপাল পৰাৰ পিছতে জলপৃষ্ঠ বৃদ্ধি হয় আৰু তেতিয়াই তেওলোকৰ অন্তৰে হাহাকাৰ কৰে। প্ৰতিটো বানে ভয়াৱহ ৰূপ ধাৰণ কোৰ লগে লগে তেওঁলোকৰ অন্তৰে কান্দে। ব্ৰহ্মপুত্ৰৰ নদীৰ লগতে উপনৈসমূহে ফেনে ফোটোকাৰে বাঢ়ি অহাৰ লগে লগে চৌদিশে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। জলমগ্ন হৈ বন্য জীৱ-জন্তুৰ দৰে পৰিৱেশ হয় তেওঁলোকৰ। তেওঁলোকৰ অন্তৰে কান্দে।

এসাজ ভাতৰ বাবে চকুলো টুকি সময় পাৰ কৰে। জীয়ৰি, বোৱাৰীয়ে বিপদত পৰে। সন্তানে স্কুলৰ পৰিৱৰ্তে টম্বুৰ তলত সোমাই ধ্বংসৰ আখৰা প্ৰত্যক্ষ কৰে। জীৱন নহয় যেন এখন সমাপ্ত নোহোৱা সংগ্ৰাম হে। এনে কষ্টকৰ জীৱন সহি শ-শ পৰিয়াল থাকে ডিব্ৰু-ছৈখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দধীয়াত। তেওঁলোকৰ ঘৰবোৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে কাহানিবাই উটুৱাই নিছে সপোন বোৰ। এতিয়া শিবিৰৰ বাসিন্দা তেওলোক।

তেওলোক অসমৰ থলুৱা। থলুৱাৰ চৰকাৰে কোনোবা উদ্যোগপতিক শ-শ বিঘা মাটি দিয়ে যদিও তেওলোকৰ বাবে একঠা ভূমি ওলাই নপৰে। তেওলোকে কোনো ৰাজনেতাক টকা দিব নোৱাৰাৰ বাবেই হয়তো একঠা ভূমি নাপায়। তেওঁলোকৰ সন্তানবোৰৰ সপোনবোৰ কলিতে মৰহি যায়। তাৰ মাজতে চৰকাৰে আনিছে আশাৰ বতৰা। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ক'ৰ জন এলেকাত বছৰ বছৰ ধৰি বসবাস কৰি থকা দধীয়াৰ ১২০৬ পৰিয়ালক শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে।

এই সম্পৰ্কত বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত লয়া মাদ্দুৰী আৰু আৰক্ষী অধীক্ষক গৌতম বৰাৰ নেতৃত্বত জিলা প্ৰসাসনৰ এটা দলে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দধীয়া বনগাঁৱৰ পুনৰসংস্থাপন দাবী সমিতি আৰু স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হয়। দধীয়া মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা আলোচনাত জিলা উপায়ুক্ত লয়া মাদ্দুৰীয়ে ধেমাজী জিলাৰ জোনাই মহকুমা এলেকাত সংস্থাপন কৰিলে আপত্তি থাকিব নেকি বুলি স্থানীয় ৰাইজৰ পৰা মতামত গ্ৰহণ বিচাৰে।

একেদৰে জিলা উপায়ুক্ত লয়া মাদ্দুৰীয়ে সকলো পৰিয়ালক একেলগে যিহেতু সংস্থাপন কৰিব পৰাকৈ মাটিৰ অভাৱ তাৰ বাবে ভাগে ভাগে সংস্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে। আলোচনাকালত স্থানীয় ৰাইজে তেওঁলোকে কোনো পধ্যে ধেমাজী জিলাত সংস্থাপনত ইচ্ছুক নহয় বুলি উল্লেখ কৰে। তাৰ পৰিৱৰ্তে তেওঁলোকক তিনিচুকীয়া জিলাৰ তৰাণী, পিঠাগুটি নতুবা টিংৰাই অঞ্চলৰ যিকোনো মুকলি ঠাইত সংস্থাপিত কৰিবলৈ দাবী জনায়।

উল্লেখ্য যে ১৯৫৭ চনৰ পৰা তাহানিৰ অবিভক্ত লক্ষিমপুৰ জিলাৰ ৰহমৰীয়া মৌজাৰ অকলেণ্ডৰ পৰা সংস্থাপিত হৈ অহা বৰ্তমান দধীয়া বনগাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰি সকলো হেৰুৱাই শিবিৰত বাস কৰিব লগা হৈছে। অৱশ্যে তেওঁলোকক সেই ঠাইৰ পৰা স্থানান্তৰ কৰিবৰ কাৰণে ১৯৮৫ চনৰ পৰা ৰজাঘৰীয়াক দাবী জনাই অহাৰ লগতে ২০০৫ চনৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

শেহতীয়াকৈ এই মানুহখিনিক লৈ বিভিন্ন ৰাজনৈতিক দলে ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। কেৱল ভোটৰ স্বাৰ্থতে এই সহজ-সৰল জনজাতিয় লোকসকলক পুনৰ সংস্থাপনৰ নামত দি আহিছে ভুৱা আশ্বাস। বছৰ বছৰ ধৰি ৰাজনৈতিক নেতাৰ ভুৱা আশ্বাসৰ মাজতো অৱশ্যে বনগাঁওখনৰ ৰাইজে অব্যাহত ৰাখিছে পুনৰসংস্থাপনৰ দাবী।

ইপিনে এটা বছৰ আগতে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই দধীয়াত উপস্থিত হৈ পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত বনগাঁৱৰ ৰাইজে তৰাণী বনাঞ্চলত বেদখল কৰিবলৈ গৈ স্থানীয় জনগোষ্ঠীয় লোকৰ সৈতে সংঘাটত লিপ্ত হ'বলগীয়া হৈছিল। সেই সময়তো বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই ঘটনাস্থলীত উপস্থিত হৈ ৮ মাহৰ ভিতৰত পুনৰ সংস্থাপনৰ বাবে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

কিন্তু শেহতীয়াকৈ মানুহখিনিক কেৱল ভোট বেংকৰ স্বাৰ্থতে ধেমাজীৰ চৰ-চাপৰি অঞ্চলত সংস্থাপনৰ বাবে গভীৰ কু-চক্ৰান্ত চলিছে। ধেমাজীৰ জিলাৰ চৰ-চাপৰি অঞ্চলত সংস্থাপনৰ অনিচ্ছা স্বত্বেও এই মানুহখিনিক সংস্থাপনৰ চক্ৰান্ত চলি থকাৰ বিষয়েও ব্যাপক চৰ্চা চলিছে গাঁওখনত। ইপিনে স্থানীয় ৰাইজে চৰকাৰে নিৰ্ধাৰণ কৰা সময়সীমা ওকলি নোযোৱা পৰ্যন্ত অপেক্ষা কৰি থাকিব বুলি জিলা উপায়ুক্তক অৱগত কৰে।