
ওদালগুৰিঃ বুধবাৰৰ পৰা আৰম্ভ হ'ল ষষ্ঠ ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ। ওদালগুৰি জিলাৰ ভাৰত-ভূটান-অৰুণাচল প্ৰদেশৰ ত্ৰিবেণীসংগমস্থলীত অৱস্থিত প্ৰকৃতিৰাণী ভৈৰৱকুণ্ড বনভোজস্থলীৰ গাতে লাগি থকা ভৈৰৱকুণ্ড পৰ্যটন আৱাসস্থলীত অনুষ্ঠিত হোৱা মহোৎসৱৰ পুৱা ১০ বজাত পতাকা উত্তোলন কৰে মহোৎসৱৰ কাৰ্যকৰী সভাপতি তথা বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে৷
তাৰ পাছত ওদালগুৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস, এচএচবিৰ চিঅ' পি আগৰৱাল, সেনাৰ ডোগ্ৰা ৰেজিমেণ্টৰ কৰ্ণেল বানচাল আৰু ওদালগুৰিৰ অতৰিক্ত উপায়ুক্ত অনুপম চৌধুৰীয়ে শান্তিৰ প্ৰতীক উৰুৱাই একতা-ঐক্য-শান্তিৰ শ্ল’গানেৰে পথ মুকলি কৰে। দিনৰ ১১ বজাত বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ ৰিপেন দৈমাৰীয়ে বন্তি প্ৰজ্বলন কৰি ষষ্ঠ ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ উদ্বোধন কৰে।
বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ সঞ্চালনাত অনুষ্ঠিত সভাত আছু, আৰছু, এজেৱাইচিপি, আগছুসহ বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব উপস্থিত থাকে। আনহাতে দিনৰ ১ বজাত প্ৰদৰ্শনী আৰু বিক্ৰীমেলাৰ দ্বাৰ উন্মোচন কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ইয়াৰ উপৰিও ভূটান, অৰুণাচল প্ৰদেশৰ সেনা আৰু এচএচবিৰ মাজত এক প্ৰদৰ্শনীমূলক ভলীবলৰ লগতে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়।
নামনি অসমৰ প্ৰকৃতিৰ ৰম্য ভূমি খ্যাত ভৈৰৱকুণ্ড পৰ্যটন মহোৎৱস স্থানীয় ৰাইজ, বিধায়ক, প্ৰশাসন সকলো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়াই৷ ওদালগুৰিৰ কৃষ্টি, সংস্কৃতি, পৰম্পৰাক আগুৱাই নিয়াৰ লগতে বাণিজ্যৰ ক্ষেত্ৰত নতুন সূত্ৰ নিৰ্ধাৰণ কৰি ওদালগুৰিক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱত প্ৰখম দিনটোতে বহু লোকৰ সমাগম হয়৷ চুবুৰীয়া দেশ ভূটান, চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু চুবুৰীয়া জিলা কেইখনৰ সৈকে ব্যৱসায়ৰ নতুন দিশ নিৰ্ণয়়ৰ হ’ব পৰ্যটন মহোৎসৱৰ জৰিয়তে৷