পুত্ৰৰ মুখ খন চাবলৈ বিমান যোগে আহিল শ্ৰমিক

নগাঁওঃ এটি শিশুৰ অকাল মৃত্যুত নগাঁও জিলাৰ বটদ্ৰৱাৰ হাইডুবি পথাৰত শোকৰ ছাঁ পৰে৷ ৰাকিবুল ইছলামৰ একমাত্ৰ সন্তান ১৬ মহীয়া চাহিদুল ইছলামৰ ঘৰৰ সমীপৰ পুখুৰীত পৰি অকাল মৃত্যুক আকোৱালি লয়৷ পিতৃ কেৰেলাত এটি ব্যক্তিগত কোম্পানীত শ্ৰমিক হিচাপে কাম কৰে৷

এই ঘটনা সংঘটিত হোৱাৰ খবৰ দিয়াৰ পিছতে পেটৰ ভোক নিবাৰণ কৰিবৰ বাবে বিগত ৰাকিবুল ইছলাম কৰ্মসূত্ৰে কেৰেলাত আছিল যদিও নিজৰ এক মাত্ৰ পুত্ৰৰ অকাল মৃত্যুৰ খবৰ লাভ কৰি শোকত ভাগি পৰে।

জীৱীত অৱস্থাত পুত্ৰৰ মুখৰ শেষ হাঁহি দেখা নাপালেওঁ মুখ খন দেখিবলৈ সুদূৰ কেৰেলাৰ পৰা বিমান যোগে আহি বুধবাৰে বিয়লি প্ৰায় তিনি বজাত নিজ গৃহত উপস্থিত হয়। প্ৰাপ্ত বাতৰি মতে, ইছলামৰ একমাত্ৰ ১৬ মহীয়া পুত্ৰ চাহিদুল ইছলাম মঙলবাৰে ঘৰৰ সমীপৰ এটি পুখুৰীত পৰি অকাল মৃত্যুক সাৱটি লৈছিল। বুধবাৰে পিতৃ আহি পোৱাৰ পিছতহে বিয়লি ভাগত শিশুটোৰ জানাজা সম্পন্ন কৰা হয়। শিশুৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷