চাবুৱাত অনুষ্ঠিত হ’ব ১৩ বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতা

ডিব্ৰুগড়ঃ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক প্ৰয়ায়ৰ ক্ৰীড়া সংগঠকসকলৰ সোঁৱৰণত অহা ১৮-২৩ জানুৱাৰীত ডিব্ৰুগড় জিলাৰ চাবুৱাত অনুষ্ঠিত হ’ব সদৌ অসম আন্তঃ একাডেমী ১৩ বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতা আৰু শিশু ফুটবল সমাৰোহ।

গ্ৰাম্য অঞ্চলৰ নতুন প্ৰজন্মক খেল পথাৰৰ সৈতে জৰিত কৰাৰ উদ্দেশ্যে ইউনাইটেড চাবুৱা ফুটবল একাডেমীয়ে দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত কৰিব লগা প্ৰতিযোগিতাত ২২ দলে অংশ লব৷ চাবুৱাৰ গ্ৰাম্য অঞ্চলৰ অগ্ৰদূত, বামচোমনি, গন্ধিয়া, কাঁজিখোৱা আৰু ত্ৰিনয়নজ্যোতি সংঘৰ খেলপথাৰত অনুষ্ঠিত হ’ব।

ফুটবল প্ৰতিযোগিতা আৰু শিশু ফুটবল প্ৰতিযাগিতাত চাবুৱাৰ কেওটি যুৱক সংঘৰ লগতে ক্ৰীড়া সংগঠকসকলৰ সহযোগ আগবঢ়াই আহিছে। ৰাজ্যিক ক্ৰীড়া সংগঠক প্ৰয়াত জ্যোতিষ গোঁহাই, অসমৰ বিশিষ্ট খেলুৱৈ লক্ষীৰঞ্জন দাস, ৰোহিনী গোঁহাই, বিৰেন বৰুৱা আৰু লক্ষ্যধৰ বৰুৱাৰ সোঁৱৰণত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত সকলো ৰাইজৰ সহায়-.হযোগ কামনা কৰিছে ক্ৰীড়া সংগঠক দিলীপ বড়া, দেৱকান্ত গগৈ, অৰুপ চেতিয়া, লম্বিত গগৈ আৰু অৰুণ বৰুৱাই।