প্ৰৱক্তাৰ প্ৰেমত পৰি দৰং মহাবিদ্যালয়ৰ মেধাবী ছাত্ৰৰ আত্মহত্য‍া

গহপুৰঃ এগৰাকী ছাত্ৰই আত্মহত্যা কৰাৰ পূৰ্বে পিতৃ-মাতৃৰ বাবে লিখি থৈ যোৱা চিঠিয়ে তোলপাৰ লগাইছে গহপুৰত। এগৰাকী প্ৰৱক্তাৰ প্ৰেমৰ জালত পেলাই তেওঁৰ জীৱন ধ্বংস কৰি মেধাৱী ছাত্ৰ জনক আত্মহত্যা কৰিব লগা বুলি উল্লেখ কৰে চিঠিখনত।

 মৃত্যুৰ পূৰ্বে লিথি থৈ যোৱা এটা টোকাই চিন্তনীয় হৈ পৰিছে। ৰাজ্যত সঘনাই আত্মহত্য‍াৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে এগৰাকী ছাত্ৰৰ এনে ঘটনাক সহজে লব পৰা নাই ৰাইজে। যাৰফলত অকালতে প্ৰাণ হেৰুৱাইছে বহু লোকে৷ বুধবাৰে আত্মহত্য‍াৰ ঘটনা সংঘটিত হয় গহপুৰত৷

হেলেমৰ ডিপৰাৰ দৰং মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ আত্মহত্যাৰ পথ বাছি লয়। শ্ৰী শ্ৰী মাঁ কল্যাণী দেৱালয়ৰ নিকটবৰ্তী নাৰায়ন সিঙৰ কনিষ্ঠ পুত্ৰ অৰবিন্দ সিঙৰ আত্মহত্যাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

জানিব পৰা মতে অৰবিন্দ সিং দৰং মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ। কলেজ খনৰেই এগৰাকী প্ৰৱক্তাৰ প্ৰেমৰ জালত পৰি আত্মহত্যাৰ পথ বাচি ললে বুলি জানিব পৰা গৈছে।