উপায়ুক্তই উদ্বোধন কৰিলে নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ ভৱন

নলবাৰীঃ বুধবাৰে নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ নলবাৰী শ্বহীদ মাৰ্কেট পথত নিৰ্মাণ কৰা কাৰ্যালয় ভৱন উদ্বোধন কৰে নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে। বুধবাৰে জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি হৰেকৃষ্ণ মেধিয়ে পৰিষদৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, জিলা উন্নয়ন আয়ুক্ত নাদিৰা জেছমিন, কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক সভাপতি বাসৱ চন্দ্ৰ কলিতা, সম্পাদক প্ৰধান নগেন দাস, জিলা আৰক্ষী আধীক্ষক হেমন্ত ভট্টাচাৰ্য, কৰ্মচাৰী পৰিষদৰ নেতা বাণি শৰ্মা সহ বহু সংখ্যক লোক উপস্থিত থাকে।

জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক উদয় বৰ্মনে আতঁ ধৰা অনুষ্ঠানত ভৱনটো উদ্বোধন কৰি উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে কৰ্মচাৰী পৰিষদৰ দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণ হল বুলি কয়। এনে ক্ষেত্ৰত কৰ্মচাৰীসকলে জিলা খনত কৰ্ম সংস্কৃতি গঢ়ি তুলিব বুলিও আশা কৰে।