
নগৰবেৰাঃ এখন সেউজীয়া পাহাৰ৷ কিছুবছৰ আগলৈকে মূল্যৱান গছেৰে ভৰি আছিল পাহাৰ খন৷ বিশেষকৈ চেগুন গছেৰে ভৰি থকা পাহাৰ খনৰ সৌন্দৰ্যই আকৰ্ষিত কৰিছিল মানুহক৷

প্ৰকৃতিক ভালপোৱা মানুহে পাহাৰ খনক লৈ গৌৰৱ কৰিছিল৷ গোলকীয় উষ্ণতা ৰোধৰ বাবে পৃথিৱীত গছ-গছনি খুবেই প্ৰয়োজন হৈ পৰিছে৷ যাৰ বাবে পাহাৰ খন সেউজীয়া হৈ থকাৰ বাবে তথা গছ-গছনিৰে ভৰি থকাত গৌৰৱ কৰে ৰাইজে৷

পৃথিৱীখনৰ বাবে ভয়ানক প্ৰত্যাহ্বান গোলকীয় উষ্ণতা এই কথা প্ৰকৃতি প্ৰেমীসকলে ভালকৈ জানে। পৃথিৱীৰ জলবায়ু গড় উষ্ণতা দিনক দিনে বৃদ্ধি পায় অহাত বিশ্বৰ সকলো প্ৰকৃতি প্ৰেমী চিন্তিত। ৰাষ্ট্ৰসংঘই চিন্তিত হৈ এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'বলৈ বাৰে বাৰে কৈ আহিছে৷ প্ৰায় ১৯৭১ চনৰ পৰাই বৰ্ধিত শক্তিৰ প্ৰায় ৯০ শতাংশ সাগৰ-মহাসাগৰত জমা হৈছে৷

মূলত মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি কাল হ’ব পাৰে বিশ্ব মানুহৰ বাবে৷ তাৰ বাবে মানুহে পৰিৱেশ সংৰক্ষণ কৰিবলৈ প্ৰচাৰ কৰি থকা হৈছে৷ পাহাৰ ধ্বংস নকৰিবলৈ গছ-গছনি ৰোপন কৰিবলৈ আহ্বান জনাই আহিছে৷ কিন্তু আমাৰ দেশৰ মানুহে এনেবোৰ কথাক লৈ গুৰুত্ব প্ৰদান কৰেনে? আনহে নালাগে চৰকাৰে গুৰুত্ব প্ৰদান কৰেনে৷

ৰাজ্য খনৰ মন্ত্ৰী, বিধায়ক, আমোলা, বিষয়াই এনেবোৰ কথা ভাবি সজাগ হবলৈ চেষ্টা কৰেনে৷ যদি আপুনি ভালকৈ পৰ্যবেক্ষণ কৰে আমাৰ ৰাজ্য খনৰ মন্ত্ৰী-বিধায়কে এনেবোৰ কথাক লৈ মুঠেও গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ বনজ সম্পদ ৰক্ষাৰ দোহাই দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা চৰকাৰে খোদ ধ্বংস কৰে বনজ সম্পদ৷

এই অভিযোগ বছৰ বছৰ ধৰি উত্থাপন হৈ আহিছে৷ অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰেও ২ বছৰ পূৰ্বে বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল৷ বনজ সম্পদৰ ৰক্ষা শ্ল’গান যেন শ্ল’গান হৈ থাকিল৷

চৰকাৰ খনৰ প্ৰায় ২২ মাহ পাৰ হ’ল যদিও ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই৷ বনজ সম্পদ ৰক্ষা কৰাটো দূৰৰ কথা আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত সেউজীয়া পাহাৰ কাটি আজিও বন ধ্বংস কৰি আহিছে একাংশ লোকে৷

নদীৰ বুকু উদং কৰি অবাধ হাৰত খনন কৰিছে বালি আৰু শিলৰ বাবে৷ য’তে ত’তে গঢ়ি উঠিছে বালিৰ অবৈধ মহল। একাংশ ৰাজনৈতিক দলৰ নেতাৰ ছত্ৰছায়াত বালি মাফিয়াই নৈৰ বুকু খান্দি ট্ৰাকে ট্ৰাকে বালি সৰবৰাহ কৰি আহিছে৷

আনহাতে পাহাৰৰ গছ-গছনি কাটি তহিলং কৰি গৈছে একাংশ লোকে৷ তথাপিও যেন ধৰোতা কোনো নাই৷ ৰাজ্যৰ আন আন ঠাইৰ লগতে কামৰূপ জিলাতো অব্যাহত আছে বন ধ্বংস যজ্ঞ৷

বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ তৎপৰতাত বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে বন্যপ্ৰাণী নিধন আৰু বন ধ্বংসৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা নিতৌ কৈ আহিছে৷ তাৰ মাজতে চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি গৈছে, পাহাৰৰ গছ-কাটি বিক্ৰী কৰি গৈছে৷ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বনজ সম্পদ ৰক্ষাৰ বাবে ন-ন ব্যৱস্থা কথা কৈ অহাৰ সময়তে একাংশ বন মাফিয়াই মুকলি ভাবে চলাই গৈছে অবাধ বন ধ্বংস-যজ্ঞ৷

কামৰূপ(গ্ৰাম্য) জিলাৰ ৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা পশ্চিম কামৰূপ বন সংমণ্ডল কাৰ্যালয়ৰ অধিনৰ নগৰবেৰাৰ পাহাৰ ধ্বংস কৰি গৈছে একাংশ লোকে৷

জল জলী নৈ সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাৰ নগৰবেৰাৰ পাহাৰ এফালৰ ধ্বংস কৰি গৈছে কেৱল অৰ্থৰ লোভত৷ এটি চক্ৰই দীৰ্ঘ দিনৰ পৰা মূল্যৱান গছ সমূহ দিনে নিশাই কাটি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে৷
নগৰবেৰা পাহাৰৰ পৰা মূল্যৱান গছ কাটি তহিলং কৰি ঘোঁৰা গাড়ীৰে গছৰ কুণ্ডা সৰবৰাহ কৰে চক্ৰটোয়ে৷ যোৱা এটা বছৰত প্ৰায় ১০০০ ডালততৈয়ো অধিক চেগুন গছ কাটি নিছে চোৰং ব্যৱসায়ীয়ে৷ এই অভিযোগ লাভ কৰি newsnextone.comৰ এগৰাকী সাংবাদিক গোপনে প্ৰৱেশ কৰিছিল পাহাৰ খনত৷
পাহাৰৰ কিছু অংশ পৰিদৰ্শন কৰি দেখা পাইছিল অগণন গছৰ মূৰা৷ যি সমূহ গছ প্ৰায় এটা বছৰৰ ভিতৰত কাটি নিয়া বুলি অনুমান কৰে সাংবাদিকগৰাকীয়ে৷ অবৈধ ভাবে বন ধ্বংস লীলাৰ এই প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে newsnextone.comৰ সাংবাদিকগৰাকী৷