
নগাঁওঃ এটি পথৰ বাবে যমৰ যাতনা ভুগিব লগা হৈছে শ-শ লোকে৷ গড়কাপ্তানি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ গাফিলতিৰ বাবে পথটো চকলা চকলে পথৰ পকীবোৰ এৰি যোৱাত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে৷ নগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চলৰ ৰাইজৰ যাতায়তৰ মূল পথ হৈছে নগাঁও-বটদ্রৱা-ধিং-মৈৰাবাৰী সংযোগী সদা ব্যস্ত ৰাজ্যিক পথ।
শ্রীমন্ত শংকৰদেৱ পথ নামৰ নগাঁও সদৰৰ পৰা বটদ্রৱা আৰু ধিং হৈ মৈৰাবাৰীলৈকে বিস্তৃত ৩৪ কিলোমিটাৰ দৈঘ্যৰ পথটো বখলা-বখলে খহি ঠায়ে ঠায়ে প্রকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে। সম্প্রতি পথটোৰ হয়বৰগাঁও, হুজগাঁও, চলচলি, ৰাইদঙীয়া, কদমনি, ধুপগুৰি, চমুৱাগাঁও, আঁঠগাঁও, নিজ ধিং, ছাগলতল আদি অঞ্চলৰ পথৰ মাজত দ’ দ’ গাঁতৰ সৃষ্টি হোৱাৰ ফলত নিতৌ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
উল্লেখ্য যে, জিলাখনৰ ভিতৰত আটাইতকৈ ব্যস্ত পথটো বটদ্রৱা, ধিং, লাহৰীঘাট, ৰূপহীহাট আৰু নগাঁও সদৰ বিধানসভা সমষ্টিৰ প্রায় তিনি শতাধিক গাঁৱৰ লক্ষ লক্ষ ৰাইজৰ যাতায়াতৰ মূল ভৰষা। তাৰোপৰি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পবিত্র জন্মস্থান শ্রীশ্রী বটদ্রৱা থান দৰ্শনৰ বাবে অহা তীৰ্থযাত্রীৰ ওপৰিও শাক-পাচলিৰ বাবে বিখ্যাত ডুমডুমীয়া বজাৰ, ধিং বজাৰ, মৈৰবাৰী বজাৰৰ বাবে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা নিতৌ শ-শ সৰু-বৰ বাহন অহা-যোৱা কৰে পথটোৰে।
ইফালে, ভূতৰ ওপৰত দানহ পৰা দি গড়কাপ্তানি বিভাগে ইতিমধ্যে ৩৪ কিলোমিটাৰ দৈঘ্যৰ এই পথটোত অবিজ্ঞানসন্মতভাবে অভিলেখ সংখ্যক ৩৫টা গতিৰোধক নিৰ্মাণ কৰি ৰাইজক যাতায়াতৰ ক্ষেত্রত মৰণফাণ্ডসদৃশ কৰি তুলিছে।
পথটোত গতিৰোধক সমূহৰ লগত নাই কোনো সংকেতিক চিহ্ন। কোনো সংকেতিক চিহ্ন নথকা আৰু পথৰ মাজত থকা পূৰ্বৰ বগা ৰঙ এৰি গৈ সম্প্রতি শীতৰ এই সময় চোৱাত ঘন কুঁৱলীৰ বাবে নিশা চালকসকলৰ ব্যাপক সমস্যাৰ সৃষ্টি হৈ আহিছে পথটোত। কাজেই, আগন্তুক দৌলযাত্রাৰ পূৰ্বেই পথচোৱাৰ উন্নীতকৰণৰ জৰিয়তে বৃহত্তৰ অঞ্চলৰ ৰাইজ আৰু তীৰ্থযাত্রী সকলক যাতায়াতৰ উপযোগী কৰি তুলিবৰ বাবে গড়কাপ্তানি বিভাগক দাবী জনাইছে নগাঁও জিলা ছাত্র সন্থা, নগাঁও জিলা হিন্দু যুৱ-ছাত্র পৰিষদ, জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদকে প্রমুখ্য কৰি কেইবাটাওঁ দল-সংগঠনে৷