জাতি-জনগোষ্ঠীৰ সম মৰ্যাদাৰ বাবে ৰাজ্যখনৰ বুকুত সমন্বয় গঢ়িব লাগিবঃ সোণোৱাল

ডিব্ৰুগড়ঃ ভৱিষ্যৎ প্ৰজন্মক গুণগত শিক্ষাৰে সু-নাগৰিক হিচাপে গঢ় দিয়াৰ দায়িত্ব শিক্ষা গুৰুসকলৰ। এই দায়িত্ব সুচাৰুৰূপে পালনৰ ক্ষেত্ৰত প্ৰতিগৰাকী অভিভাৱক আৰু সচেতন নাগৰিকে শিক্ষাগুৰুসকলক পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ডিব্ৰুগড়ৰ মধুপুৰ উচ্চতমৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱালে আৰু কয়, ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলে গুণগত শিক্ষা লাভ কৰিলেহে সুস্থ-চিন্তাধাৰা, কৰ্মৰ জৰিয়তে ৰাজ্যত এক সুস্থ বাতাৱৰণ ৰচনা কৰিব পৰা যাব।

সেয়েহে ৰাজ্য চৰকাৰে বিশেষকৈ শিক্ষা বিভাগে ৰাজ্যখনত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক উন্নত শৈক্ষিক বাতাৱৰণ গঢ় দিয়াৰ বাবে সদায়েই কাম কৰি আহিছে। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে গুণগত শিক্ষাৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰি আগন্তক দিনত বিভিন্ন কৰ্মক্ষেত্ৰত যোগ্যতাৰ নেতৃত্ব বহন কৰি দেশ-বিদেশৰ পৰা অসমলৈ সুনাম কঢ়িয়াই আনিব লাগিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।

মুখ্যমন্ত্ৰী সোণোৱালে মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বিগত সময়ছোৱাত অৰ্থাত প্ৰতিষ্ঠা কালৰ পৰা শিক্ষাদান কৰি অঞ্চলটোত শিক্ষাৰ পোহৰ বিলাই অহা শিক্ষাগুৰুসকলকো ধন্যবাদ জ্ঞাপন কৰি এইখন বিদ্যালয়ৰ শিক্ষাগুৰুসকলে বনৰীয়া হাতীৰ উপদ্ৰৱৰ মাজত থাকিও কঠোৰ পৰিশ্ৰমৰে বানবিধ্বস্ত অতি ভিতৰুৱা বৃহত্তৰ মধুপুৰ আৰু গৰিধৰীয়া এলেকাত শিক্ষাৰ পোহৰ বিলাই আহিছে বুলি কয়। এই ভিতৰুৱা অঞ্চলটোৰ ৰাইজেও বিভিন্ন সমস্যাৰ মাজতো ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ বাবে প্ৰয়াস কৰি আহিছে। সেয়া এতি আদৰণীয়।

ইফালে ৰাজ্যখনৰ প্ৰতিগৰাকী বাসিন্দাই অসমক দেশৰ ভিতৰতে এক আদৰ্শ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টা হাতত লব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে বুধবাৰে ভাষণ প্ৰসংগত উল্লেখ কৰি ৰাজ্যখনৰ জাতি-জনগোষ্ঠীসমূহৰ মাজতো বহু সমস্যা আছে বুলি কয়। এই সমস্যাসমূহ সমাধানৰ বাবে যৌথ প্ৰয়াস কৰিলে প্ৰতিটো সমস্যাৰ সমাধান নিশ্চিতভাৱে সম্ভৱ। ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম মৰ্যাদা সম উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে তাৰ বাবে প্ৰথমে ৰাজ্যখনৰ বুকুত এক সমন্বয়ৰ বাতাৱৰণ সৃষ্টি কৰাতো অতি জৰুৰী।

সমন্বয়ৰ যোগেদিহে এটা জাতি শক্তিশালী হ’ব পাৰে। অসমীয়া, মাৰোৱাৰী, বিহাৰী, নেপালী, বঙালীকে ধৰি ৰাজ্যখনত বসবাস কৰা প্ৰতিটো সমন্বয়ৰ লোকে চাওলুঙ ছ্যু-কা-ফাৰ আদৰ্শৰে এখন বৃহত্তৰ অসমীয়া সমাজ নিৰ্মাণ কৰিছে। প্ৰতিগৰাকী ব্যক্তিয়ে এজনে আনজনৰ কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্য, ৰীতি-নীতিক আঁকোৱালি লৈছে। অসমত এক শান্তি-সমন্বয়, ভাতৃত্ববোধৰ পৰিৱেশ গঢ় দিয়াৰ বাবে এই সমন্বয় অতিকৈ জৰুৰী। আনহাতে অনুষ্ঠানতে মুখ্যমন্ত্ৰী সোণোৱালে মধুপুৰ, বগীবিল, লেজাই, গৰুধৰীয়া, কলাখোৱাকে ধৰি বৃহত্তৰ এলেকাটোৰ ৰাইজে দীৰ্ঘদিনে ভূগি থকা বানপানী, গৰাখহনীয়া সমস্যা সমাধানৰ বাবে অঞ্চলটোত অতি সোনকালে এটা ৰিং বান্ধ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰে।

১৮ কোটি টকা ব্যয়সাপেক্ষে এই ৰিংবান্ধ নিৰ্মাণৰ আনুষ্ঠানিক কাম-কাজ অতি সোনকালে আৰম্ভ হ’ব বুলি ঘোষণা কৰে। এই অনুষ্ঠানতে বিধায়ক প্ৰশান্ত ফুকন, বিমল বৰা, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, যোগেন মোহন, উপায়ুক্ত লয়া মাদ্দুৰী, অসম মাধ্যমিক শিক্ষা সাংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই, কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী দেৱেন দত্তকে ধৰি ভালেসংখ্যক গণ্য-মান্য লোক উপস্থিত থাকে।