তুলসীবাৰীৰ কৃতী শিক্ষক হৰেন্দ্ৰ নমশূদ্ৰৰ বিয়োগ, শোকৰ ছাঁ

তুলসীবাৰীঃ কামৰূপৰ ১নং তুলসীবাৰী নিবাসী অৱসৰ প্ৰাপ্ত কৃতী শিক্ষক হৰেন্দ্ৰ নমঃশূদ্ৰ (৭৫)ৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে পুৱা মৃত্যুক আকোৱালি লয়৷ তুলসীবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা ২০০৪ চনত অৱসৰ গ্ৰহণ কৰা শিক্ষকগৰাকীয়ে শেহতীয়াকৈ বেচৰকাৰী বিদ্যালয় বিদ্যাজ্যোতি শিশু নিকেতনত প্ৰধান শিক্ষক হিচাপে কাম কৰি আছিল৷

বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে মৃত্যুৰ আগমুৰ্তলৈকে জড়িত আছিল তেওঁ৷ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে সমগ্ৰ তুলসীবাৰী অঞ্চলত শোকৰ ছাঁ পৰে৷ ৰঙিয়া মহকুমা অনুসুচিত জাতি উন্নয়ন পৰিষদৰ সভাপতি তথা তুলসীবাৰী এপল’ মিলৰ অন্যতম প্ৰতিস্থাপক প্ৰয়াত নমশূদ্ৰ বৈদ্যগড় হাইস্কুল, তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থান, তৰণী বাৰোৱাৰী ৰাসমহোৎসৱ, অসম উন্নতি সভা, মিলনজ্যোতি মধ্যইংৰাজী বিদ্যালয় আদিকে ধৰি স্থানীয় ভালেমান ৰাজহুৱা অনুষ্ঠন-প্ৰতিষ্ঠানৰ সৈতে মৃত্যুৰ আগমুহূৰ্তলৈ সক্ৰিয় ভাৱে জড়িত হৈ আছিল।

মৃত্যুৰ সময়ত ৩গৰাকী পুত্ৰ-কন্যা, ২গৰাকী বোৱাৰীৰ লগতে কেইবাগৰাকী নাতি-নাতিনী সহ আত্মীয়-স্বজন ইহসংসাৰত এৰি থৈ যায়। কৃতী শিক্ষক তথা সক্ৰিয় ৰাজহুৱা কৰ্মী নমঃশূদ্ৰৰ মৃত্যুত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা, বৃহত্তৰ ৰঙিয়া সচেতন নাগৰিক মঞ্চৰ সম্পাদক তাৰিফুল ইছলাম, বিদ্যাজ্যোতি শিশু নিকেতন, বৈদ্যগড় হাইস্কুল, তৰণী আৰিমত্ত ভৱন, এপ'ল চ'ক ব্যাৱসায়ী সন্থা, গৰখীয়া গোপাল মাৰলী থান, বৈদ্যগড় গাঁও পঞ্চায়ত, বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা, তুলসীবাৰী প্ৰাথমিক বিদ্যালয়, ৰঙিয়া মহকুমা অনুসুচিত জাতি উন্নয়ন পৰিষদকে ধৰি বিভিন্ন অনুষ্ঠন-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।