লোকে লোকাৰণ্য কাৰ্বি ভূমিৰ হানজাংলাংছ, কাৰ্বি লাম্মেত আমেইৰ অধিবেশনত ২১খন গ্ৰন্থ উন্মোচন

বোকাজানঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কাৰ্বি জনগোষ্ঠীৰ লোকেৰে ভৰি পৰিছে কাৰ্বি পাহাৰৰ বোকাজান মহকুমাৰ হানজাংলাংছ'৷ জনগোষ্ঠীটোৰ পুৰুষ-মহিলাই পৰম্পৰাগত সাজেৰে ওলাই আহিছে লাম্মেত আমেইৰ অধিবেশনলৈ৷

সাহিত্য, লোক নৃত্য, গীত, মাতেৰে ৰজন জনাই উঠিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ আকাশ-বতাহ৷ বোকাজান মহকুমাৰ হানজাংলাংছ'ৰ ডনছূৰি ক্ষেত্রত বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া বর্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্বি লাম্মেত আমেই তথা কাৰ্বি সাহিত্য সভাৰ ২৬তম দ্বি-বার্ষিক অধিবেশনত জনগোষ্ঠীটোৰ সাহিত্যৰ উন্নয়নৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷

কাৰ্বি সাহিত্যক বিশ্বৰ দৰবাৰত জিলিকাই তুলিবলৈ চিন্তা তৰ্চা কৰিব জনগোষ্ঠীটোৰ জ্যেষ্ঠ লোকসকলে৷ প্ৰথমদিনা অধিবেশনথলীৰ মুখ্যদ্বাৰ মুকলিৰ লগতে কাৰ্বি হেমটুন, গ্ৰন্থমেলা, বিভিন্ন জনগোষ্ঠীয় বিপনী, প্ৰদৰ্শনী আদি মুকলি কৰা হয়৷

পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলংৰ জিলাৰ উপৰিও শোনিতপুৰ, বিশ্বনাথ চাৰিআলি আদিৰ পৰা অহা দুইশতাধিক কাৰ্বি লাম্মেত আমেইৰ প্ৰতিনিধিক আদৰণি জনোৱাৰ লগতে প্ৰতিনিধি পঞ্জীয়ন কৰা হয়৷ শুকুৰবাৰে দ্বিতীয় দিনা পুৱা ৮.০০ বজাত কাৰ্বি লাম্মেত আমেইৰ সভাপতি সুৰেণ ক্রামছাই লাম্মেত আমেইৰ পতাকা উত্তোলন কৰা কাৰ্যসূচীত স্মৃতি তর্পক ৰূপে উপস্থিত থাকে সাহিত্যিক লুঞ্চে তিমুং।

১০.৩০ বজাৰ পৰা লাম্মেত আমেইৰ উপ-সভাপতি চিত্র কুমাৰ বেৰ সঞ্চালনাত গ্ৰন্থ উন্মোচনী সভা উদ্ধোধন কৰে বিশিষ্ট সাহিত্যিক ধৰমছিং টেৰণে৷ গ্ৰন্থ উন্মোচনী সভাত কাৰ্বি লাম্মেত আমেইৰ স্মৃতিগ্ৰন্থ হানজাংলাংছ’ৰ লগতে কাৰ্বি লাম্মেত আমেইৰ দ্বাৰা গঠিত আৰু কাৰ্বি লাম্মেত ট্ৰাষ্টৰ দ্বাৰা প্রকাশিত ২১ খন গ্ৰন্থ উন্মোচন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ কার্যবাহী সদস্য জগতছিং ইংতিয়ে।

১১.৩০ বজাৰ পৰা ঠাইতে প্রবন্ধ আৰু কবিতা লিখা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছত বিয়লি ২.৪৫ বজাৰ পৰা উপ-সভাপতি শুকুৰছিং ৰংপিৰ সঞ্চালনাত "কাৰ্বি লোক কৃষ্টিত লোক সাহিত্যৰ চহকী ৰূপ" শীর্ষক আলোচনা চক্ৰত কাৰ্বি সমাজৰ স্বনামধন্য শিল্পী চন্দ্ৰকান্ত তেৰাং, বিশিষ্ট সাংস্কৃতিক সংগঠক চন্দ্ৰছিং ক্র, বিশিষ্ট সাহিত্যিক ছিং ক্র আৰু জয়ছিং টকবিয়ে অংশগ্ৰহণ কৰে।

সন্ধিয়া ৫.৩০ বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ লগতে ৬.৩০ বজাত সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে বিশিষ্ট শিল্পী তোষেশ্বৰ তেৰাঙে৷ উল্লেখ্য যে ২১ জানুৱাৰীত অন্ত পৰিবলগীয়া চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা কাৰ্বি লাম্মেত আমেইৰ শুকুৰবাৰে দ্বিতীয় দিনটো কাৰ্বি জাতীয় সংগীতৰ স্ৰষ্টা কবি, গীতিকাৰ, সাহিত্যিক কেহাই বেৰৰ নামত উছৰ্গা কৰে।