
ডিব্ৰুগড়ঃ উজনি-নামণিৰ খেতিয়কে সদায় হাহকাৰ কৰিব লগা হয়৷ কৃষকে কেতিয়াবা উৎপাদিত ফচলৰ উচিত মুল্য বিচাৰি হাহাকাৰ কৰিব লগা হয়৷ হাতীৰ জাকে খেতি পথাৰ তহিলং কৰাৰ লগতে এটুপি পানীৰ বাবে মূৰে-কপালে হাত দিব লগা হয়৷ চৰকাৰে শীতলীকৰণ গৃহ নিৰ্মাণ নকৰাৰ ফলত কৃষকৰ সামগ্ৰী অধিক সোনকালে নষ্ট হয়৷ ফলত উচিত মূল্য পাবলৈ সক্ষম নোহোৱাৰ ফলত কম দামত বিক্ৰী কৰিব লগা হয়৷
চৰকাৰে কৃষকৰ সামগ্ৰী উচিত মুল্য দি কিনাৰ প্ৰতিশ্ৰুতি দি, পানী যোগানৰ প্ৰতিশ্ৰুতি দিয়ে যদিওঁ সকলো ফুটুকাৰ ফেনত পৰিণত হয়৷ প্ৰতিশ্ৰুতি পালন নকৰাত ৰাজ্যৰ কৃষকে আজিও উৎপাদিত সামগ্ৰীৰ উচিত মূল্যৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ দেহৰ ঘাম মাটিত পেলাই ৰ'দ বৰষুণ কাটি কৰি কৃষকে উৎপাদন কৰা ফচলৰ উচিত মুল্য-পথাৰত পানী নোপোৱাত ক্ষোভিত হয় ৰাজ্যৰ কৃষক৷ খেতি পথাৰত পানীৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ পথাৰৰ চিৰাল ফাট প্ৰত্যক্ষ কৰি বৰষুণৰ বাবে ৰৈ থাকিব লগা হয়৷
নতুন চৰকাৰ খনেও কৃষকৰ সমস্যাক গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ বিজেপি নেতৃত্বাধীন চৰকাৰ খনে কৃষকক খেতি পথাৰত পানী যোগান ধৰিব নোৱাৰাৰ লগতে, উৎপাদিত সামগ্ৰীৰ উচিত মুল্য পােৱা দেখা নাযায়৷ তেনেক্ষেত্ৰত উৎপাদিত ফচলৰ বজাৰমুল্য নোহোৱা হলে কৃষকসকল ক্ষুব্ধ হৈ উঠাটো তেনেই স্বাভাৱিক কথা৷ মুৰৰ ঘাম মাটীত পেলাই দিনৰ দিনটো সুৰুযটো মুৰত লৈ খেতিয়কে খেতি কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিত কৃষকে হাহাকাৰ কৰিব লগা হৈছে৷
মুখ্যমন্ত্ৰীৰ গৃহ জিলাত ধোঁৱাচাঙত উঠিছে জলসিঞ্চন বিভাগৰ বহু আঁচনি। খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাতে জলসিঞ্চন বিভাগৰ আঁচনিৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে খেতিয়ক। খেতিয়কক সপোন দেখুৱাই ৰাজ্য চৰকাৰৰ জৱসিঞ্চন বিভাগে খেতিয়কৰ উপযোগী হ’বৰ বাবে আঁচনি ৰূপায়ণ কৰিছিল যদিওঁ আহিলেও প্ৰকৃততে ইয়াৰ বিপৰীত ছবিহে দেখা পোৱা যায় ডিব্ৰুগড় জিলাত। বিভাগটোৰ সংশ্লিষ্ট বিষয়া তথা অভিযন্তাৰ চূড়ান্ত গাফিলতিৰ ফলতেই ডিব্ৰুগড় জিলাৰ বহু অঞ্চলত প্ৰহসনত পৰিণত হৈছে জলসিঞ্চন বিভাগৰ আঁচনি।
অভিযোগ অনুসৰি কৃষকক সপোন দেখুৱাই পিছলৈ লৰা ধেমালি কৰিছে বিভাগটোৱে। উদাহৰণস্বৰূপে জিলাখনৰ টেঙাখাতৰ ন-খঙীয়া এলেকাত দুবছৰৰ পূৰ্বে বিভাগটোৱে দহটা নলী নাদ স্থাপন কৰিছিল। কিন্তু পৰিতাপৰ বিষয় যে এই আঁচনি বৰ্তমান বগা হাতীত পৰিণত হৈছে দহটা নলী নাদ। জানিব পৰা মতে, ডীপ টিউবৱেলৰ পানীৰে খেতি কৰিম বুলি আশা কৰি থকা কৃষকৰ আশাত চেঁচা পানী পৰে। বিগত বৰ্ষত কামত নহাকৈ সামান্য পৰিমানে পানী যোগান ধৰি এক নাটক কৰাৰ পিছত চলিত বৰ্ষতো একেই কাণ্ড কৰা বুলি অভিযোগ উঠিছে বিভাগটোৰ বিৰুদ্ধে।
বিশেষকৈ ছয় নম্বৰ ডীপ টিউবৱেলটো সম্পূৰ্ণ বিকল হৈ আছে। বাকীকেইটাৰ দ্বাৰাও যোগান ধৰা নাই পানী। এই সন্দৰ্ভত স্থানীয় ৰাইজে সংশ্লিষ্ট বিষয়াক অৱগত কৰিছে যদিও কাণসাৰ দিয়া নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে খেতিয়সকলে। উল্লেখ্য যে জিলাখনৰ ঠায়ে ঠায়ে আহু খেতি কৰিবলৈ কৃষকে থিৰাং কৰিছে। কলাখোৱাত একাংশ খেতিয়কে নিজাকৈ পানীৰ ব্যৱস্থা কৰিছে যদিও সহযোগ নাই জলসিঞ্চন বিভাগে। ইপিনে শেহতীয়াকৈ ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলাত জলসিঞ্চন বিভাগে তেওঁলোকে উন্নত কাৰিকৰী কৌশল প্ৰদৰ্শন কৰি এক চমক দেখুৱাই যদিও বাস্তৱত যে এইয়া খন্তেকীয় চমক সেইয়া স্পষ্ট হৈ পৰিছে।