নিউজ চেনেলে ১২ বছৰীয়া ছাত্ৰক সজালে দুৰ্ধৰ্ষ উগ্ৰপন্থী, গোচৰ ৰুজু

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ কুলগাম জিলাৰ দুগৰাকী নিৰ্দোষী যুৱকক নিউজ চেনেলত উগ্ৰপন্থী বুলি প্ৰচাৰ কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ স্থানীয় নিউজ চেনেলে এই বাতৰি প্ৰচাৰ কৰাত চাঞ্চল্যৰ সৃষ্টি হয়৷ তাৰ পিছতে দুয়োটা চেনেলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰক্ষীয়ে৷

আৰক্ষীৰ মতে, বি-৬ নামৰ নিউজ চেনেলটোৱে বাণীগুন্দ নামৰ ঠাইত এগৰাকী ফৰহান বই নামৰ উগ্ৰপন্থী নিহত হয়৷ উগ্ৰপন্থী ফৰহান বইৰ ঠাইত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ফৰহান চফি আৰু ফৰহত চহিদ নামৰ নিৰ্দোষী দুই যুৱকৰ ফটো দেখুৱাই চেনেলটোৱে৷

সুৰক্ষা কৰ্মী আৰু উগ্ৰপন্থীৰ মাজত অনন্তনাগ জিলাৰ ককেৰনাগৰ লানু গাঁৱত ৯ জানুৱাৰীত সংঘৰ্ষ লাগিছিল৷ সংঘৰ্ষত উগ্ৰপন্থী ফৰহান বই নিহত হয়৷ উক্ত নিউজ চেনেলটোত উগ্ৰপন্থীৰ ঠাইত ১২ বছৰীয়া যুৱকৰ ফটো দেখুৱাই নিৰ্দোষী কিশোৰ দুগৰাকীক উগ্ৰপন্থী ৰূপে উপস্থাপন কৰে৷ ইয়াৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷