২২ জানুৱাৰীৰ পৰা গোৰেশ্বৰ গ্ৰন্থ উৎসৱ, অনুষ্ঠিত হ'ব ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

গোৰেশ্বৰঃ আমি নিজেই নিজৰ একো একোগৰাকী সংগী৷ তথাপিও কেতিয়াবা কেতিয়াবা মানুহে নিজই নিজকে প্ৰশ্ন কৰে আমাৰ জীৱনৰ প্ৰকৃত সংগী কোন। আপুনি যদি কিতাপ পঢ়ে তেন্তে নিসন্দেহে কব পাৰিব আমাৰ প্ৰকৃত সংগী নতুবা বন্ধু হৈছে কিতাপ৷ গ্ৰন্থ হৈছে একোগৰাকী মানুহৰ জীৱন পৰিক্ৰমা স্বৰূপ৷ গ্ৰন্থ অধ্যয়ণ কৰি লাভ কৰি অভিজ্ঞতা, জ্ঞানে মানুহক সৰল, সহজ, চিন্তাশীল কৰি তোলে৷ মানুহক ভালপোৱাৰ, প্ৰকৃতিক ভালপোৱাৰ আদি পাঠ কিতাপে আনি দিব পাৰে৷

মনৰ পৰা বেয়া চিন্তা দুৰ কৰি মন সজীৱ কৰে গ্ৰন্থই৷ গ্ৰন্থ মানৱ জীৱনৰ বাবে অমূল্য সম্পদ৷ জীৱন, সত্য, বিশ্লেষণ সকলো আহৰণ কৰিব পাৰি গ্ৰন্থ অধ্যয়ণৰ জৰিয়তে৷ গল্প, প্ৰবন্ধ, ৰচনা, ইতিহাস, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ যেন ভৰাল একো একো খন কিতাপ৷ সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কবিতা, কুইজ, অনুবাদমূলক সাহিত্য সকলো জ্ঞানৰ বৰঘৰ৷ ইংৰাজী সাহিত্যকে ধৰি বিশ্বৰ বিভিন্ন সাহিত্য, পৰম্পৰা, কলা, কৃষ্টি সোৱাদ লব পাৰি কিতাপৰ জৰিয়তে৷

বুৰঞ্জী, মানৱ সভ্যতাৰ কথাও পুথি কেইখনে আমাক-আপোনাক দিয়ে৷ পুথিৰ আদৰ আৰু নতুনকৈ বৰ্ণনা কৰিব লগা নাই৷ কিতাপ পঢ়া মানুহৰ ঠাইক জ্ঞানী মানুহ থকা ঠাই বুলি আজিও কব খোজে মানুহে৷ মানুহৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। এখন গ্ৰন্থক জ্ঞানৰ অক্ষয় ভাণ্ডাৰ বুলি কয়। গ্ৰন্থৰ অধ্যয়নে মনৰ অন্ধকাৰ আতৰাই জ্ঞানৰ আলোকেৰে আলোকিত কৰি তোলে একো একোজন মানুহক৷ এই কথা যুগে যুগে বহু লোকে কৈ আহিছে৷

গ্ৰন্থ হল আমাৰ ভৱিষ্যত জীৱনৰ মূল চাবিকাঠি। কাৰন গ্ৰন্থ অধ্যয়নৰ দ্বাৰা আমি জ্ঞান অৰ্জন কৰিব পাৰো আৰু সেই জ্ঞানেই আমাক ভৱিষ্যতত সফল নাগৰিক নতুবা বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সাহস যোগায়৷ বৰ্তমান ম’বাইল আৰু কম্পিউটাৰৰ যুগত যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ জনপ্ৰিয়তা হ্ৰাস পোৱাত এক প্ৰকাৰ সচেতন মহল চিন্তিত হৈ পৰিছে যদিও ৰাজ্যত গ্ৰন্থৰ পঢ়ুৱৈৰ সংখ্যা একেবাৰে কমা নাই৷ তাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে গ্ৰন্থমেলা৷

বাক্সা জিলাৰ গোৰেশ্বৰতো সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান "কস্তুৰীৰ" উদ্যোগত অহা ২২, ২৩ আৰু ২৪ জানুৱাৰীত চতুৰ্থ বাৰৰ বাবে গোৰেশ্বৰ অৰ্ধ সাপ্তাহিক বজাৰ প্ৰাংগনত অনুষ্ঠিক হ’ব গোৰেশ্বৰ গ্ৰন্থ উৎসৱ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰেঅনুষ্ঠিত হ'বলগীয়া গ্ৰন্থ উৎসৱত ২২ জানুৱাৰীৰ পুৱা ৭ বজাত স্বেচ্ছাসেৱক বাহিনীয়ে চাফাই অভিযানেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব৷ পুৱা ৮ বজাত কস্তুৰীৰ পতাকা উত্তোলন কৰিব কস্তুৰীৰ সভাপতি লক্ষী ৰাজবংশীয়ে। স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কৰাৰ পিছত ১০ বজাত গ্ৰন্থ উৎসৱৰ দ্বাৰ মুকলি কৰিব ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই।

দিনৰ ১ বজাত এনআৰডিএচ মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ ৰীতা দেৱীৰ সঞ্চালনাত অনুষ্ঠিত হ'ব গ্ৰন্থ উন্মোচনী সভা। গ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট সমালোচক, সাহিত্যিক ইছমাইল হোছেইন আৰু গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ খৰ্গেশ্বৰ ডেকাই। আবেলি ৩ বজাত অনুষ্ঠিত হ'ব পুৰুষ আৰু মহিলা উভয়ৰে জাতীয় সাজপাৰ পৰিধান প্ৰতিযোগিতা। ৫ বজাত আধুনিক নৃত্য প্ৰতিযোগিতা। ২৩ জানুৱাৰী পুৱা ৯ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু ১১ বজাৰ পৰা সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব ড০ ভূপেন হাজৰিকা সংগীত প্ৰতিযোগিতা।

সন্ধিয়া ৬ বজাত জনপ্রিয় তথা বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনৰ সঞ্চালনাত অনুষ্ঠিত হ'ব কস্তুৰী মেল। ২৪ জানুৱাৰী পুৱা ১০ বজাত "নিৰক্ষৰতা আৰু অন্ধবিশ্বাস সমাজৰ প্ৰগতিৰ অন্তৰায়" শীৰ্ষক বিষয়ৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ মাজত শোভাযাত্ৰা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। শোভাযাত্ৰা প্ৰতিযোগিতা উদ্ধোধন কৰিব গোৰেশ্বৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ প্ৰতিভা পাটোৱাৰীয়ে। শোভাযাত্ৰা সামৰণিৰ অন্তত আৰম্ভ হ'ব গ্ৰন্থ উৎসৱৰ অন্যতম কাৰ্যসূচী মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান। ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগীয়া মুকলি সভা উদ্ধোধন কৰিব বিটিচিৰ ই এম মহেশ্বৰ বসুমতাৰীয়ে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰিব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাই।

মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক পবিন কলিতাই। ২৩ জানুৱাৰীত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’বলগীয়া ড০ ভূপেন হাজৰিকা সংগীত প্ৰতিযোগিতাত কোনো শাখা নাথাকিব। প্ৰতিযোগিতাতৰ ভৰ্ত্তি মাচুল ৩০০ টকা। সমিতিয়ে নিৰ্ধাৰণ কৰি দিয়া নিয়ম মতে প্ৰতিযোগীসকলে গীত পৰিৱেশন কৰিব পাৰিব। প্ৰতিযোগীসকলৰ বাবে সমিতিয়ে বাদ্য আৰু বাদকৰ ব্যৱস্থা কৰিব।

জাতীয় সাজ-পাৰ প্ৰতিযোগিতা, আধুনিক নৃত্য প্ৰতিযোগিতা, শোভাযাত্ৰা প্ৰতিযোগিতা, মুকলি গল্প কবিতা প্ৰতিযোগিতা, আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ সবিশেষ জানিবৰ বাবে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি লক্ষী ৰাজবংশীৰ ৭৩৯৯৭০৮০০৫, সম্পাদক দীপাংকৰ দাসৰ ৯৮৫৪১৫৫৭৮০ তথা সাংস্কৃতিক বিভাগৰ সভাপতি যাদৱ ডেকাৰ  ৯৭০৬৪৮৭২১৫ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।