BTCত ফাইনাৰৰ সভাত মন্ত্ৰী ৰঞ্জিত, নগা ফ্ৰেমৱাৰ্ক এগ্ৰিমেন্টৰ নামত মাটি এৰি নিদিও

কোকৰাঝাৰঃ কেন্দ্ৰীয় চৰকাৰে নগা বিদ্ৰোহীৰ সৈতে নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰূপায়ণ কৰি দীৰ্ঘ দিনীয়া নগা বিদ্ৰোহীৰ সমস্যা সমাধানৰ বাবে চেষ্টা চলাই৷ তাৰ লগে লগে অসমত অভিযোগ-প্ৰতি অভিযোগ, প্ৰতিবাদত  ৰাজ পথ উত্তাল হৈ পৰিছিল৷ নগা এগ্ৰিমেন্ট অনুসৰি অসমৰ ভূমি নগালেণ্ডত সোমাব বুলি আশংকা কৰা হয়৷

এই আশংকা আজিওঁ দূৰ হোৱা নাই৷ নগা ফ্ৰেমৱাৰ্ক চুক্তিক লৈ আজিও ৰাজ্যজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈ অহাৰ সময়তে শনিবাৰে মন্ত্ৰী ৰঞ্জিত দত্তই ৰাজ্য চৰকাৰৰ স্থিতি পুনৰ স্পষ্ট কৰে। মন্ত্ৰী মন্ত্ৰী ৰঞ্জিত দত্তই নগা ফ্ৰেমৱাৰ্কত প্ৰকৃততে কি আছে সেয়া বৰ্তমানলৈকে ৰাজ্য চৰকাৰ জ্ঞাত নহয় যদিও চৰকাৰে পূৰ্বৰ স্থিতিতেই অটল আছে বুলি ঘোষণা কৰে।

নগা ফ্ৰেমৱাৰ্কৰ নামত অসমৰ মাটি এৰি দিয়া নহব আৰু সেয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিপূৰ্বেই ঘোষণা কৰিছে বুলি মন্ত্ৰী দত্তই মন্তব্য কৰে। আনহাতে চিণ্ডিকেট সন্দৰ্ভতো ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰী দত্তই স্পষ্ট কৰি দিয়ে। শনিবাৰে বিটিএডিৰ সদৰ কোকৰাঝাৰত উপস্থিত হৈ সাংবাদিকৰ সন্মুখত এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী দত্তই৷

ফেডাৰেশ্যন অৱ ইণ্ডাষ্ট্ৰী এণ্ড কমাৰ্চ অৱ নৰ্থ ইষ্ট ৰিজন চমুকৈ ফাইনাৰৰ উদ্যোগত বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এডভান্টেজ আছাম'-ড্যা আছাম গ্লোৱেল ইনভেষ্টৰ ছামিট-২০১৮ৰ আলোচনাচক্ৰত অংশগ্ৰহণ কৰাৰ অন্তত মন্ত্ৰী ৰঞ্জিত দত্তই সাংবাদিকৰ সন্মুখত এই কথা প্ৰকাশ কৰে৷

বিটিচিৰ মুখ্য সচিব বি চি ফুকনৰ সভাপতিত্বত বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত মন্ত্ৰী ৰঞ্জিত দত্তই উদ্যোগ অবিহনে নিবনুৱা সমস্যা সমাধান নহয় বুলিও মন্তব্য কৰি অসমত উদ্যোগৰ সম্ভাৱনীয়তা আৰু বিনিয়োগ সন্দৰ্ভতো নাতিদীৰ্ঘ বক্তব্য আগবঢ়ায়।

আলোচনাচক্ৰত বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম, দনেশ্বৰ গয়াৰী, গণেশ কছাৰীৰ লগতে প্ৰতিটো বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।

আলোচনাচক্ৰত বিটিএডি এলেকাত কৃষি, উদ্যোগ, পৰ্যটন, ফুড প্ৰচেছিংত সম্ভাৱনীয়তা আৰু বিনিয়োগ সন্দৰ্ভত আলোচনা কৰা হয়।উল্লেখ্যে যে, অহা ২ আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া গ্লোৱেল ইনভেষ্টৰ ছামিট-২০১৮ উপলক্ষে কোকৰাঝাৰৰ বিটিচি সচিবালয়ৰ প্ৰেক্ষাগহত এক ছেক্টৰেল আলোচনাচক্ৰ অনুষ্ঠিত হয় যত মন্তী ৰঞ্জিত দত্তই অংশগ্ৰহণ কৰে৷