
ৰঙিয়াঃ ৰেলৰ চেপাত এগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কামৰূপৰ ৰঙিয়াত৷ জানিব পৰা মতে, ৰঙিয়া ৰেল জংচনৰ সমীপৰ ১৪এছকে গেট তথা এনটি ৰোডৰ ৰেল গেটৰ সন্মুখত নামনিমুৱা চিফুং যাত্ৰীবাহী ৰেলৰ চেপাত এজন যাত্ৰীৰ থিতাতে মৃত্যু হয়।
লোকজন সৰ্থেবাৰীৰ বতিয়া গাঁৱৰ হলধৰ ভূঞাৰ পুত্ৰ মানৱ ভূঞা (৩৮) বুলি জানিব পৰা গৈছে। ভূঞাৰ মৃত্যুক লৈ ৰঙিয়াত ৰহস্যৰ সৃষ্টি হৈছে যদিও ধাৰণা কৰা মতে, ভূঞাই নামনিমুৱা চিফুং যাত্ৰীবাহী ৰেলৰ দৰ্জাৰ মুখত বহি আহিছিল। ইফালে মৃতদেহটো ৰঙিয়া জি আৰ পি এফে উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷