
উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ চিলনীজানত পথ দুৰ্ঘটনাত সংঘটিত হৈ এগৰাকী লোকৰ মৃত্যু হয়৷ অাব্দুল হান্নান নামৰ লোকজনে তীব্ৰ গতিত বাইক চলাই আহি থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিৰ খাৱৈত বাগৰি পৰে৷
তীব্ৰ গতিত আহি খাৱৈত পৰাত গুৰুতৰ ভাবে আহ হয় অাব্দুল হান্নান নামৰ লোকজন৷ স্থানীয় লোকে ততাতৈয়াকৈ লোকজনক চিকিৎসালয়ত নিয়ে যদিও মৃত্যু হয়৷ আনহাতে, অামিৰ হানজান নামৰ অান এজন লোক গুৰুতৰভাৱে অাহত হয়। প্ৰাপ্ত তথ্য অনুসৰি অাৰোহীজনে নিজৰ বাইকেৰে তীব্ৰ বেগেৰে চিলনীজান-পিঠাঘাট পথৰে আহি থকা অৱস্থাত এটা দ' খাৱৈত পৰে।