
কামপুৰঃ সৰস্বতী পূজা বুলি কলেই ছাত্ৰ-ছাত্ৰীৰ বাবে ৰং-ৰহইচৰ সময়৷ কিয়নো এতিয়া স্বৰস্বতী পূজাৰ বতৰ৷ ছাত্ৰ-ছাত্ৰীসকলে আধ্যাত্মিক তথা পবিত্ৰতাৰে পূজা কৰিবলৈ সাজু হৈছে৷ স্বৰস্বতী পূজাৰ বাবে মাজত মাথো কেইটামান ঘন্টা৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ সাজু হৈছে ছাত্ৰ-ছাত্ৰী৷ ছাত্ৰ-ছাত্ৰীসকলে স্বৰস্বতী দেৱীৰ মৃন্ময় মূৰ্তিৰ সন্মুখত ভক্তিৰে পূজা কৰিবলৈ সাজু৷ জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী সৰস্বতী।
জ্ঞান আৰু শিক্ষাৰ দেৱীক বন্দনা কৰিবৰ বাবে সৰস্বতী পূজাৰ বাবে ছাত্ৰ-ছাত্ৰী সাজু হোৱাৰ সময়তে এটি দৃশ্যই সকলোকে চকু কপালত তুলিছে৷ ৰাজ পথত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে এডাল দীঘল বাহেৰে পথচাৰীক ভেটা দি সংগ্ৰহ কৰিছে স্বৰস্বতী পূজাৰ চান্দা৷ বাগদেৱী সৰস্বতী পূজালৈ মাজত মাথো কেইটামান ঘন্টা বাকী থকা অৱস্থাত এই অবাঞ্চিত প্ৰতিচ্ছবিয়ে লজ্জানত কৰিছে এখন বৃহৎ সমাজক৷ ইতিমধ্যে সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় সাজু হৈছে শিক্ষাৰ দেৱীক পূজা অৰ্চনাৰ বাবে৷

এখন চৰকাৰী বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথত পথচাৰীক ভেটা দি ৰখাই ৫-১০ টকা সংগ্ৰহ কৰে স্বৰস্বতী পূজাৰ বাবে৷ হাতত এদাল দীঘল বাঁহ লৈ ৰাজপথত চৰকাৰী বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ পাঠদান এৰি ৰাজপথত চান্দা সংগ্ৰহ কৰে৷ এডাল বাঁহ লৈ গাড়ী ৰখাই বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিদেৰ্শত চান্দা সংগ্ৰহ কৰিছে৷ এনেদৰে চান্দা সংগ্ৰহত নামি পৰিব লগা হ’ল শিক্ষাৰ দেৱী সৰস্বতীক পূজাৰ বাবে৷ কণ কণ ছাত্ৰ-ছাত্ৰীসকল হৈছে হোজাই জিলাৰ যোগীজান শিক্ষাখণ্ডৰ অন্তৰ্গত ইলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ৷
বিদ্যালয় খনৰ প্ৰধান শিক্ষক প্ৰণৱ দেউৰী আৰু সহকাৰী শিক্ষক জগন্নাথ পাটৰৰ নিৰ্দেশত কণ কণ অবুজ ছাত্ৰ-ছাত্ৰীসকলক সৰস্বতী পূজা অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ৰাজপথৰ প্ৰতিখন গাড়ী ৰখাই ৫-১০ টকাকৈ সংগ্ৰহ কৰিবলৈ বাধ্য কৰায়৷ ইফালে বিদ্যালয়ৰ আৰ্থিক দিশ তনকিয়াল নোহোৱাৰ বাবেই ছাত্ৰ-ছাত্ৰীসকলক এনেদৰে ৰাজপথত চান্দা সংগ্ৰহ কৰিবলৈ দিয়া বুলি লজ্জাজনক মন্তব্য আগবঢ়ায় বিদ্যালয় কৰ্তৃপক্ষই৷ ছাত্ৰ-ছাত্ৰীক ভাল আদৰ্শ দেখুৱাই এই বিদ্যালয়খনতেই শিক্ষকতা কৰি কৰুন মৃত্যুক সাৱতি লোৱা স্বৰ্গীয় অৰ্ণমাই বৰাৰ আদৰ্শক ভৰিৰে মোহাৰি পেলোৱা বুলি মন্তব্য কৰিছে শৈক্ষিক মহলে৷