লাচিতক হিন্দু বীৰ সজোৱা কাৰ্যক ধিক্কাৰ NSUIৰ

চৰাইদেউঃ কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUI-এ শনিবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি কেন্দ্ৰ-ৰাজ্য শাসিত বিজেপি দলক তীব্ৰ সমালোচনা কৰি লাচিতক হিন্দু বীৰ সজোৱা কাৰ্যক ধিক্কাৰ দিয়ে৷ চৰাইদেউ জিলাৰ সোণাৰিৰ ৰাজীৱ ভৱনত সংবাদ মেল অনুষ্ঠিত কৰি বিৰোধী কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আইয়ে লাচিতক হিন্দু বীৰ সজোৱা কাৰ্যৰ বাবে বিশেষকৈ আৰ এছ এছ কঠোৰ ভাষাৰে সকীয়নী প্ৰদান কৰে৷

কেৱল ইমানে নহয় NSUI-এ নয়দাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত বিজেপি চৰকাৰে অনুষ্ঠিত কৰা যুৱ মহোৎসৱত অসমৰ ২৫০গৰাকী ছাত্র-ছাত্ৰীৰ তথা যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিবলৈ যোৱা বুলি উল্লেখ কৰি অসমৰ যুৱক-যুৱতীসকলক বেয়া ব্যৱহাৰ, নিৰ্যাতন চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ ইমানে নহয় কংগ্ৰেছৰ ভাতৃ সংগঠনে অসমৰ যুৱক-যুৱতীক নৰ্থ-ইষ্টৰ বুলি কৈ অপমাণ কৰা বুলি কয়৷

নাগালেণ্ডৰ পৰা যোৱা এটা দলক পুৰস্কাৰ পোৱাৰ পিছতো দলটোক পুৰস্কাৰৰ পৰা বঞ্চিত কৰাৰ লগতে খেলিবলৈ কাৰণে বাধা প্ৰদান কৰা বুলি কয়। মণিপুৰ-অসমৰ পৰা খেলিবলৈ যোৱা যুৱক-যুৱতীক উত্তৰ-পূৰ্বাঞ্চলৰ বুলি বৈষম্যৰ বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে NSUI-এ৷ বিজেপিৰ দখলত থকা ৰাজ্যত উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতী বৈষম্যৰ বলি হয় বুলি কয়৷ NSUIৰ ৰাষ্ট্ৰীয় প্ৰতিনিধি এনজয় দে'ই সংবাদ মেলত বিজেপিয়ে ভাৰত চৰকাৰৰ যুৱ কল্যাণ মন্ত্ৰীক তীব্র ভাষাৰে গৰিহণা দিয়ে। সংবাদ মেলত এন এছ ইউ ৱাইৰ ৰাষ্ট্ৰীয় প্ৰতিনিধি এনজয় দে'ৰ লগতে ৰাজ্যিক সম্পাদক চাকিল আহমেদ, উপ-সভাপতি জয়ন্ত দাস, চৰাইদেউ জিলাৰ সভাপতি মঞ্জিল বৰুৱা সম্পাদিকা জুমি ৱাংচু আদি উপস্থিত থাকে।