
ডিব্ৰুগড়ঃ শনিবাৰে নিশা ডিব্ৰুগড় জিলাৰ আৰক্ষীয়ে অভিযান চলাই তেল চুৰি চক্ৰ উৎসাত কৰিবলৈ সক্ষম হয়৷ দীৰ্ঘদিনীয়া তেল চুৰিৰ সৈতে জৰিত চক্ৰ এটিক ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচৰৰ নেতৃত্বত উৎসাত কৰি বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়৷
শনিবাৰে নিশা প্ৰায় ৯ বজাত মৰাণ থানাৰ অন্তৰ্গত নাহৰণিৰ বৰবামত সুৰজিৎ সিং পানেচৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই দহ হাজাৰ লিটাৰ তেল জব্দ কৰিবলৈ সক্ষম হয়।
ডিব্ৰুগড় অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত তথা মৰাণ থানাৰ আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেল চুৰিত ব্যৱহৃত AS-04-AC-6418 নম্বৰৰ এখন ডি আই আৰু AS-04-H-4408 নম্বৰৰ এখন ইণ্ডিকা গাড়ীও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।