
জাজৰিঃ যোৱা ৮ জানুৱাৰীতে ডিমাপুৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত নিৰুদ্দেশ হয় অসমৰ এগাৰকী লোক৷ যোৱা ৮ জানুৱাৰীৰ পৰা নগাঁও জিলাৰ বটদ্ৰৱাৰ ধনীয়াভেটী গাঁৱৰ নিবাসী আমিৰ হুছেইন (৬৩) নামৰ লোকজন নিৰুদ্দেশ হৈ থকা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, আমিৰ হুছেইনে ডিমাপুৰত বিশেষ কামৰ বাবে গৈছিল৷ ৮ জানুৱাৰীত ডিমাপুৰৰ পৰা চাপৰমুখলৈ ৰেলেৰে উভতি আহি থকা অৱস্থাত নিখোজ হয়৷ পৰিয়ালৰ লোকে বটদ্ৰৱা আৰক্ষীক অৱগত কৰাৰ লগতে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি কোনো শুংসুত্ৰ উলিয়াব পৰা নাই৷ শান্ত প্ৰকৃতিৰ লুঙি-কুৰ্টা পৰিধান কৰা লোকজনৰ কোনো লোকে সম্ভেদ পালে 7578072144 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালে।