মৰিগাঁও আৰক্ষীৰ ১৬ দিনৰ অভিযান, জালত মন্দিৰ লুটি নিয়া চোৰ

জাগীৰোডঃ যোৱা ৬ জানুৱাৰীৰ নিশা মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত ধৰমতুলৰ বিষ্ণু মন্দিৰৰ বহু মূল্যৱান সামগ্ৰী সহ সোণ ৰূপৰ সামগ্ৰী লুটি নিছিল চোৰৰ দলে৷ চুৰি কাণ্ডই মৰিগাঁও আৰক্ষীৰ সন্মুখত একপ্ৰকাৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল৷ কিয়নো ৰাজ্যৰ মন্দিৰ, সত্ৰ আদিকে ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান সমূহত বাৰে বাৰে চুৰি কাণ্ড সংঘটিত হৈ আহিছিল৷ তাৰ মাজতে এটি ঐতিহ্যমণ্ডিৰ চুৰি লুটি নিয়াত আৰক্ষীৰ সুৰক্ষা ব্যৱস্থাটোৰ ওপৰত প্ৰশ্নও উত্থাপন হৈছিল৷

কিন্তু মৰিগাঁও আৰক্ষীয়ে মন্দিৰ চুৰিৰ ঘটনাক গুৰুত্ব সহকাৰে লৈছিল৷ যোৱা ১৬ দিনেই মৰিগাঁও আৰক্ষীয়ে গোপনে চলাইছিল অভিযান৷ মৰিগাঁও আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই খোদ অভিযানৰ নেতৃত্ব বহন কৰিছিল৷ চোৰ চিনাক্ত কৰাৰ প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল মৰিগাঁও আৰক্ষীয়ে৷ ১৬ দিনীয়া অভিযানৰ অন্তত চোৰৰ দলটো জাগীৰোড আৰু ৰহা বুলি থিৰাং কৰে আৰক্ষীয়ে৷ লোক কেইজনক চিনাক্ত কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰি অৱশেষত শনিবাৰে নিশা বৃহৎ আৰক্ষীৰ দলে মৰিগাঁও জিলাৰ জাগীৰোড আৰু নেলী আৰক্ষীয়ে যুটীয়া ভাৱে অভিযান চলাই জাগীৰোড আৰু ৰহাৰ পৰা ৪টাকৈ ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ ধৰমতুলৰ বিষ্ণু মন্দিৰৰ ডকাইতি ঘটনাৰে জড়িত এই ডকাইত কেইজনক নিশাই আটক কৰিবলৈ সক্ষম হয়। ডকাইত কেইজনৰ পৰা উদ্ধাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে দুটা পিতলৰ মূৰ্তি আৰু ৰূপৰ গহনা৷ আতাউৰ ৰহমান, হানিফ আলি, চৰিফ উদ্দিন আৰু মহিবুদ্দিনক আটক কৰিবলৈ সক্ষম হয়৷ আতাউৰ ৰহমানৰ ঘৰ ৰহাৰ মনিপুৰ টোপত।

উল্লেখ্য যে আতাউৰ ৰহমানৰ এখন জুৱেলাৰী আছে। বিভিন্ন সময়ত চুৰি ডকাইতি কৰি জুৱেলাৰী খনত সোণ-ৰূপ বিক্ৰী কৰি ধন ঘটে চোৰৰ দলটোৱে। মৰিগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ৬ জনীয়া ডকাইতৰ দলটোৰ ২ জন পলাতক বুলি জানিবলৈ দিয়ে। ডকাইতৰ দলটোৱে বিভিন্ন সময়ত সংঘটিত দুষ্কাৰ্যৰ সৈতেৱ জড়িত আছে বুলি প্ৰকাশ কৰি আতাউৰ ৰহমানৰ ঘৰ ৰহাৰ মনিপুৰ টোপত হোৱাৰ বিপৰীতে হানিফ আলি, চৰিফ উদ্দিন আৰু মহিবুদ্দিনৰ ঘৰ জাগীৰোডৰ ঘুনুচা গাঁৱত বুলি কয় আৰক্ষী বিষয়াগৰাকীয়ে৷ ধৰমতুলৰ বিষ্ণু মন্দিৰৰ চুৰি কাৰ্যৰ সৈতে দড়িত ডকাইত কেইটাক কৰায়ত্ত কৰাত অঞ্চলটোৰ ৰাইজে আৰক্ষীৰ শলাগ লয়৷