
নলবাৰীঃ নলবাৰী কাপলাবড়ীত শনিবাৰে নিশা মা-চুফিয়া জুৱেলাৰ নামৰ দোকানত চোৰে লুটৰাজ চলাই৷ নগদ ধনকে ধৰি চোৰে লুটি নিয়ে সোণ-ৰূপৰ অলংকাৰ৷
চফিকুল ইছলাম নামৰ ব্যৱসায়ী জনৰ দোকানৰ পিছ ফালৰ গ্ৰীল কাটি চোৰে দোকান খনৰ পৰা নগদ ৮০ হেজাৰ টকা সহ প্ৰায় ৪ লাখ টকাৰ সোণ-ৰূপ চুৰি কৰাৰ সন্দেহ কৰা হৈছে৷ ব্যৱসায়ী চফিকুল ইছলামে দৌলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই৷