জৈৱিক কৃষি সজাগতা সভা সম্পন্ন, কৰ্মহীন যুৱকৰ বাবে আদৰ্শস্বৰূপ ৰঙিয়াৰ যুৱক

তুলসীবাৰী/ৰঙিয়াঃ যি সময়ত ৰাজ্যখনৰ এচাম কৰ্মহীন যুৱকে এটা চাকৰি বিচাৰি চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি সময় অপচয় কৰি ফুৰিছে, সেই সময়তে কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়াৰ তুলসীবাৰী, গোপালপুৰ, কলমণি আদি অঞ্চলৰ এদল উদ্যমী যুৱকে দেখুৱাই আহিছে আত্মনিয়োজনৰ বাট ৷

অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ হ’ল কৃষি ৷ কৃষিকাৰ্যৰ জৰিয়তেও যে স্ব-নিৰ্ভৰশীল হৈ সুন্দৰভাৱে জীয়াই থাকিব পাৰি তাৰ দৃষ্টান্ত দাঙি ধৰিছে ৰঙিয়াৰ এই অঞ্চলসমূহৰ যুৱকে ৷ ধান খেতিৰ লগতে ৰবি আৰু খাৰিফ শস্য কৰি উপাৰ্জনমুখী হোৱা এই  যুৱকসকলক আৰু অধিক লাভৱান হোৱাকৈ সঠিক দিশত আগবঢ়াই নিয়াৰ বাবে বিশেষ উদ্যোগ লৈছে  RONGIA ECOLOGICAL FARMER'S CO-OPERATIVE চমুকৈ REFCO-য়ে। 

 ইতিমধ্যে বিভিন্ন অঞ্চলত কৃষি বিশেষজ্ঞ,বিশিষ্ট চিকিৎসক তথা সমল ব্যক্তিৰ দ্বাৰা তথা মানসিকভাৱে  লোকসকলক সাহস দিয়াৰ লক্ষ্যৰে সংগঠনটোৱে  আলোচনা চক্ৰ , প্ৰশিক্ষণ আদি প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

এনে এক ইতিবাচক পদক্ষেপৰ অংশ হিচাপে ২১ জানুৱাৰীত  কলমনিত আয়োজিত সজাগতা সভাত অংশ গ্ৰহণ কৰি বিশিষ্ট  চিকিৎসক ডাঃ জয়ন্ত দাসে এজন লোক মানসিক ভাৱে সুস্থ সবল হ’বলৈ হ’লে দৈহিকভাবেও সুস্থ হোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে ভাষণ প্ৰসংগত আলোক পাত কৰে । দৈহিকভাৱে সুস্থ-সবল হ’বলৈ হ’লে সেউজ-সতেজ খাদ্যৰো প্ৰয়োজন আছে বুলি মন্তব্য কৰি কৃষিত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিকভাৱে প্ৰস্তুত কৰা সাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উক্ত সভাতে কৃষি বিশেষজ্ঞ সমীৰ বৰদলৈয়ে জৈৱিক কৃষি পদ্ধতিৰে কৃষক সকলে লাভৱান হোৱাই নহয় এখন অৰ্থনৈতিক ভাৱে সুন্দৰ স্বাৱলম্বী সমাজো গঢ়ি তোলাৰ বাবে যোগাত্মক দিশসমূহ সাৱলীল ভাৱে ভাষণ প্ৰসংগত অৱগত কৰে। উল্লেখনীয় যে,উক্ত সভাতে দিল্লীত জৈৱিক কৃষি উদ্যোগী হিচাপে কৰ্মৰত নৱনীতা বাজাজৰ লগতে দিগন্ত কাকতি আৰু সঞ্জয় পাটোৱাৰীকে ধৰি কেইবাগৰাকী লোক উপস্থিত থাকে ৷ সভাৰ অন্তত সজাগতামূলক বাণী সম্বলিত শ্ল’গানেৰে এক সমদলো উলিওৱা হয় ৷