
গুৱাহাটীঃ পূৰ্বৰ দৰেই আলফা(স্বাঃ) আৰু উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও উগ্ৰপন্থী সংগঠনে আগন্তুক গণৰাজ্য দিৱস বৰ্জনৰ বাবে আহ্বান জনায়৷
ৰাজ্যত গণৰাজ্য দিৱস পালনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকাৰ সময়তে আলফা(স্বাঃ) কে ধৰি চাৰি বিদ্ৰোহী সংগঠন KLO, NSCN(K), NDFB(S) ৰ উমৈহতীয়া মঞ্চ UNLFWৰ অধ্যক্ষ খাংগো কন্যাকে প্ৰথম বাৰৰ বাবে দিয়া এক বিবৃতি যোগে অহা ২৬ জানুৱাৰীত ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনায় ৷ উক্ত সময়চোৱাত চৰকাৰী-বেচৰকাৰী সকলো প্ৰতিষ্ঠানকে বন্ধ ৰাখি গণৰাজ্য দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছে৷
উজনি অসমত পুনৰ সক্ৰিয় হৈ পৰা আলফা তথা আন সংগঠনসমূহৰ এনে হঠকাৰী সিদ্ধান্তৰ ফলত হ’ব পৰা কূটাঘাতৰ আশংকা কৰি ইতিমধ্যে সষ্টম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী ৷