
কামপুৰঃ ভোগালী বিহু পৰা হৈ গ’ল যদিও গ্ৰাম্য অঞ্চলত বিভিন্ন পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত হৈ আহিছে৷ অত্যাধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত আগ্ৰাসনে সকলোকে চেপি ধৰাৰ সময়তো অসমীয়া সমাজত যুগ যুগ ধৰি প্ৰচলিত হৈ অহা বহু ৰীতি-নীতি তথা পৰম্পৰা আমাৰ মাজৰ পৰা হেৰাই যোৱা নাই৷ পুৰণি পৰম্পৰাগত খেল-ধেমালি ঠায়ে ঠায়ে সংকটৰ মাজেৰে হ’লেও জীয়াই আছে৷
পুৰণি পৰম্পৰা মতে, মাঘ বিহুত গ্ৰাম্য অঞ্চলত নানা খেল-ধেমালি খেলা দেখা যায়৷ ম’হ যুজ, কণী যুঁজ, কড়ি খেল, তৰোৱাল খেল, কাড় খেল, বুলবুলি চৰাই যুঁজ, হাউখেল, লৰা, ধৰা, বোন্দা হাউ, গন্ধ হাউ, ঢোপখেল, টাংগুটি, ঘিলাখেল, লুকাভাকু আদি গ্ৰাম্য অঞ্চলত আজিও খেলা দেখা যায়৷ অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু পাৰ হ’ল যদিও গ্ৰাম্য অঞ্চলত পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা আজিও অনুষ্ঠিত হৈ আহিছে৷ পৰম্পৰা ৰক্ষাৰ নামত নগাঁও জিলাৰ কামপুৰৰ কেকুৰিবাৰীত দেওবাৰে ম'হ যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
এফালে ম'হ যুঁজ আনফালে ম'হ যুঁজৰ পথাৰত মুকলিতে অনুষ্ঠিত হয় জুৱা খেল। জীৱ জন্তুৰ যুঁজ ন্যায়ালয়ৰ নিষেধাজ্ঞা থকাৰ পাছতো কামপুৰৰ কেকুৰিবাৰীত ম’হ যুজ প্ৰতিযোগিতা অনুষ্ঠিত হয় যদিওঁ সমানে সমানে অনুষ্ঠিত হয় হাজাৰ হাজাৰ টকাৰ জুৱা খেল৷ কামপুৰৰ কেকুঁৰীবাৰিত অনুষ্ঠিত ম’হ যুজ প্ৰতিযোগিতা চাবলৈ হাজাৰ হাজাৰ লোক ভৰি পৰে কামপুৰৰ কেকুঁৰীবাৰী পথাৰত।
কেকুঁৰীবাৰি ৰাইজৰ উদ্যোগত অনুষ্ঠিত ম'হ যুজঁ প্ৰতিযোগিতাত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ ২০ হাল গুণা ম'হে যোগদান কৰে৷ মহ যুজঁ প্ৰতিযোগিতাত কেইবা শতাধিক লোক উপস্থিত হৈ উপভোগ কৰে। উল্লেখ্য যে এফালে ম'হ যুঁজ আৰু আনফালে ম'হ যুঁজৰ খেল পথাৰৰ কাষতে অনুষ্ঠিত হয় জুৱা খেল। ৰাইজৰ মনোৰঞ্জন বাবে অনুষ্ঠিত মহ যুজঁ প্ৰতিযোগিতাৰ কাষতে এনে কাৰ্য চলি থকা কাৰ্যক সহজে লব পৰা নাই ৰাইজে৷