৫লাখ লোকক আদৰিবলৈ সাজু দেৰগাঁৱৰ দাধৰা আহোম পথাৰ

দেৰগাঁওঃ দেশৰ ভিতৰতে অন্যতম ধৰ্মীয়-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক অধিবেশন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ উদ্যোগত দেৰগাঁৱত অনুষ্ঠিত হ’বলগীয়া অধিবেশনৰ ব্যস্ত হৈ পৰে অঞ্চলটোৰ আবাল, বৃদ্ধ, বনিতা, ডেকা৷ দেৰগাঁৱৰ দাধৰা আহোম পথাৰৰ পণ্ডিত ৰায় চাহাব গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত এতিয়া উদুলি মুদলি পৰিৱেশ৷

শিবিৰ নিৰ্মাণ, অধিবেশনৰ মূল মণ্ডপ নিৰ্মাণ, ভোজনালয়, অধিবেশস্থলীত নামঘৰ নিৰ্মাণ দ্ৰুত গতিত চলিছে। গোলাঘাট জিলাৰ বিভিন্ন আঞ্চলিক, প্ৰাথমিক শাখাৰ উপৰিও স্থানীয় জাতি, ধৰ্ম, বৰ্ণ, নিবিশেৰ্ষে ৰাইজৰ অভূতপূৰ্ব সহাৰিয়ে সকলোকে আনন্দিত কৰিছে৷ অহা ৭-১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা অধিবেশনৰ বাবে আদৰণি সমিতিয়ে কাম কাজ আগবঢ়ায় নিয়া পৰিলক্ষিত হৈছে।

অধিবেশনৰ গ্ৰন্থ মেলাত মুঠ ৩৯০ খন বিপনি আৰু বানিজ্য মেলাত ২০০ খন বিপনীয়ে থাকিব। কোনো ধৰণৰ প্ৰৱেশ মাচুল নথকা গ্ৰন্থ মেলাৰ প্ৰদৰ্শনীত নিতৌ এক লাখ লোকৰ সমাগম হ’ব বুলি জানিবলৈ দিয়ে। গ্ৰন্থ মেলা আৰু প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা গ্ৰন্থমেলাত উত্তৰ পূব ভাৰতৰ ৭০টা প্ৰকাশন অংশ গ্ৰহণ কৰিব৷ ২০ খন চাহ দোকান আৰু ২৫ খন হোটেলৰ বাবে বিপনি সমূহৰ নিৰ্মান কাৰ্য চলি আছে৷

নিতৌ এক লাখ লোকৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা হৈছে৷ ২৫০টা চৌকা সাজু কৰিছে অভ্যৰ্থনা সমিতিয়ে। এবাৰত ১০ হেজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পাৰিব। প্ৰতিদিনে ৫লক্ষাধিক লোকৰ সমাবেশ হ’ব লগীয়া অধিবেশনত ইতিমধ্যে নামঘৰৰ নিৰ্মান কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ লগতে ধৰ্মধ্বজা বেদি, মুল মণ্ডপ, সেৱাবাহিনীৰ কাৰ্যালয় আৰু শিবিৰ নিৰ্মানৰ কাম চলি আছে বুলি আদৰণি সমিতিৰ সভাপতি পবিত্ৰ প্ৰান বৰা আৰু দেৱাঞ্জন বৰাই জানিবলৈ দিয়ে।