সোমবাৰৰ পৰা আৰম্ভ হ’ল বোকাজান গ্ৰন্থমেলা

বোকাজানঃ গ্ৰন্থই মানৱ জীৱনৰ বাবে অমূল্য সম্পদ৷ জীৱন, সত্য, বিশ্লেষণ সকলো আহৰণ কৰিব পাৰি গ্ৰন্থ অধ্যয়ণৰ জৰিয়তে৷ গল্প, প্ৰবন্ধ, ৰচনা, ইতিহাস, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ যেন ভৰাল একো একো খন কিতাপ৷

সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কবিতা, কুইজ, অনুবাদমূলক সাহিত্য সকলো জ্ঞানৰ বৰঘৰ৷ ইংৰাজী সাহিত্যকে ধৰি বিশ্বৰ বিভিন্ন সাহিত্য, পৰম্পৰা, কলা, কৃষ্টি সোৱাদ লব পাৰি কিতাপৰ জৰিয়তে৷ গ্ৰন্থ সোৱাদ দিবলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে সোমবাৰৰ পৰা পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ উদ্যোগ নগৰী বোকাজানত আৰম্ভ হৈছে বোকাজান গ্ৰন্থ মেলা৷

বিদ্যা ভাৰতী পূৰ্বাঞ্চল শিশু শিক্ষা সমিতিৰ উদ্যোগত ২২, ২৩, ২৪ আৰু ২৫ জানুৱাৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে গ্ৰন্থমেলা অনুষ্ঠিত হৈছে৷ গুৱাহাটীৰ সৰস্বতী ডি এন প্ৰকাশন, খেৰসুঁতি, নেচনেল বুক ট্ৰাষ্ট, পাৰিজাত প্ৰকাশন, কামৰূপা অনুসন্ধান সমিতি, জাগৰণ সাহিত্য প্ৰকাশনৰ লগতে ডিফুৰ লীঞ্চ গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰে৷

গ্ৰন্থমেলাৰ নঙলা মুকলি, গ্ৰন্থ বিপনীৰ দুৱাৰ মুকলি আৰু শুভ উদ্ধোধনী অনুষ্ঠান মুকলি কৰে বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নোমল ম'মিন, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য্য ঢেকিয়াল ফুকন আৰু দেওপানী পৰিষদীয় সমষ্টিৰ পৰিষদীয় সদস্য মুকুট মহন্তই৷

আনহাতে উদ্ধোধনী অনুষ্ঠানত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্যপ্ৰদীপ বৰদলৈ আৰু বোকাজান শাখা সাহিত্য সভাৰ সভাপতি তিলেশ্বৰ হাজৰিকা উপস্থিত থকাৰ লগতে সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদীপ বৰা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন, বোকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈ, জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়া, হানজাংলাংছ' প্ৰেছ ক্লাবৰ সভাপতি ক্লেংডুং তেৰাংৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷

গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি অভ্যৰ্থনা সমিতিয়ে কলাক্ষেত্ৰ প্ৰাংগণত শিশু সমাৰোহ, সাধু কোৱা আৰু উপন্যাস পঠন প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা, পৰম্পৰাগত সাজ-পাৰ প্ৰদৰ্শন প্ৰতিযোগিতা, মঞ্জুলা সত্ৰীয়া আৰু সুকুমাৰ কলা কেন্দ্ৰৰ শিল্পীসকলৰ দ্বাৰা অংকীয়া নাট প্ৰদৰ্শন আদি বিভিন্ন কাৰ্যসূচীৰ লগতে অন্তিম দিনা কবি সন্মিলন, স্থানীয় শিশু শিল্পীসকলৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷

বোকাজানৰ স্থানীয় বিধায়ক ডাঃ নোমল ম'মিনৰ পূৰ্ণ সহযোগিতাত অনুষ্ঠিত এই গ্ৰন্থমেলাত বিধায়কগৰাকীয়ে ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ লগতে সকলো ৰাইজৰে সহযোগিতা কামনা কৰে৷ ৰাইজক গ্ৰন্থ ক্ৰয় কৰাৰ লগতে সকলোকে গ্ৰন্থৰ মাজলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ গ্ৰন্থমেলাৰ মুকলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কলাক্ষেত্ৰ প্ৰাংগণৰ পৰা এক শোভাযাত্ৰাও উলিয়াই৷ শোভাযাত্ৰা উদ্ধোধন কৰে বোকাজান শাখা সাহিত্য সভাৰ সভাপতি তিলেশ্বৰ হাজৰিকাই৷

উল্লেখ্য যে গ্ৰন্থমেলাৰ উদ্ধোধনী অনুষ্ঠানতে বিধায়ক ডাঃ নোমল ম'মিনে গ্ৰন্থমেলাৰ বিপনীৰ পৰা দৰিদ্ৰ ঘৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত দহ হাজাৰ টকাৰ কিতাপ বিতৰণ কৰাৰ কথা ঘোষণা কৰা৷ কাৰ্যবাহী সদস্য মাধুৰ্য্য ঢেকিয়াল ফুকনে বোকাজান শংকৰদেৱ শিশু বিদ্যা নিকেতনলৈ আৰু পৰিষদীয় সদস্য মুকুট মহন্তই নিজ সমষ্টিৰ শংকৰদেৱ শিশু বিদ্যা নিকতনলৈ দহ হাজাৰকৈ টকাৰ কিতাপ প্ৰদান কৰাৰ কথা ঘোষণা কৰে৷