
নগাঁওঃ মানসিক ৰোগ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে নগাঁও জিলাৰ বেবেজীয়াৰ ঘাঁহীৰ উজনিকুৰিত দেওঁবাৰে এখন সজাগতা সভা অনুষ্ঠিত হয়৷ বেচৰকাৰী সংস্থা চাইনৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভা৷
চাইনৰ মুখ্য উপদেষ্টা ভদ্ৰ মুক্তিয়াৰৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত নিৰ্দিষ্ট বক্তাৰূপে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক্লিনিকেল চাইক’ল’জিষ্ট গীতা মনি বৰুৱাই অংশগ্ৰহন কৰি মানসিক ৰোগৰ লক্ষণ, কাৰক আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে৷
চাইনৰ সম্পাদক জ্যোতি প্ৰসাদ শইকীয়াই আঁত ধৰা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে ডিমৰীয়া কলেজৰ অধ্যাপক মোহিনী মোহন ডেকা আৰু বেবেজীয়া ভোগেশ্বৰ হাজৰীকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তৰুণ দাসে অংশ লয়৷ সভাত চাইনৰ সভাপতি ৰাজু বৰা, সহকাৰী সম্পাদক আজাদ খান, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ৰেকৰ্ড কীপাৰ অৱনিতা শইকীয়া, সাংবাদিক জয়ন্ত মুদৈ, মৃগেন কুমাৰ নাথৰ লগতে স্থানীয় অঞ্চলৰ শতাধিক পুৰুষ-মহিলা উপস্থিত থাকে৷