২৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ঐতিহ্যমণ্ডিত বালিসত্ৰৰ আৰিয়া সবাহ

ৰঙিয়াঃ কামৰূপ জিলাৰ ৰঙিয়াৰ বালিসত্ৰৰ ঐতিহ্যমণ্ডিত আৰিয়া সবাহ মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ নামনি অসমৰ বহু চৰ্চিত আৰিয়া সবাহ ১৬ শতিকাত আহোম ৰাজত্বকালতেই আৰম্ভ কৰিছিল হৈছিল হুলি ইতিহাসে কয়৷ ৰঙিয়াৰ বালিসত্ৰৰ সৎসংগী সত্ৰত অহা ২৪ জানুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ ৰাজহুৱা সবাহ মহোৎসৱ অনুষ্ঠিত হ’ব৷

ধৰ্মীয় বিশ্বাস, প্ৰবাদ, পৰম্পাৰ অনুয়ায়ী বছৰৰ পিছত বছৰ ধৰি পালন কৰি অহা ২৪ জানুৱাৰীৰ পুৱা পৰম্পৰা অনুসৰি পালন কৰা হাল বোৱা অনুষ্ঠান, আৰিয়া প্ৰজ্বলনৰ বাবে কলগছ পোতা পৰ্ব, পতাকা উত্তোলন, কাৰ্যালয় মুকলি কৰা হ’ব৷ ২৬ জানুৱাৰীৰ পৰা সবাহ মহোৎসৱৰ মূল কাৰ্যসূচী আৰম্ভ হ’ব৷

সবাহ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্যতম আৰিয়া প্ৰজ্বলন৷ আৰিয়া প্ৰজ্বলন কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দহ সহস্ৰাধিক ভক্তই মহাপ্ৰভু শ্ৰীশ্ৰী বংশীগোপালৰ নামত ওৰে নিশা আৰিয়া প্ৰজ্বলন কৰি নিজৰ মনোকামনা পূৰনৰ অৰ্থে উজাগৰে কটায়৷ সন্ধিয়া বালিসত্ৰবাসীয়ে যোগান ধৰা সিধাৰে ভক্তসকলে ভোগ তৈয়াৰ কৰি আহাৰ হিচাপে গ্ৰহণ কৰে৷

ইতিমধ্যে কাৰ্যসূচী পৰিচালনাৰ বাবে নিৰ্মল চন্দ্ৰ কলিতাক সভাপতি আৰু হেমন্ত দাসক সাধাৰণ সম্পাদক হিচাপে লৈ ২৫ খন উপ সমিতিৰে সবাহ মহোৎসৱ পৰিচালনা সমিতি গঠন কৰে৷ সবাহ মহোৎসৱৰ মূল কাৰ্যসূচী অনুসৰি ২৬ জানুৱাৰীৰ দুপৰীয়া মহাপ্ৰভু শ্ৰীশ্ৰী বংশীগোপালৰ বিগ্ৰহ দোলনত আৰোহন কৰোৱাৰ পিছত ঐতিহ্যমণ্ডিত আৰিয়া প্ৰজ্বলন কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব সৎসংগী সত্ৰৰ সত্ৰাধিকাৰ ৰবীন্দ্ৰ নাথ গোস্বামীয়ে৷ সিধা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বিধায়িকা সুমন হৰিপ্ৰিয়াই৷

সন্ধিয়া সিধা ৰন্ধন গৃহৰ দ্বাৰ উদঘাটন কৰিব এমট্ৰনৰ সহকাৰী প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থই৷ নিশাৰ অন্যতম আকৰ্ষণীয় অনুষ্ঠান হ’ল টোপধ্বনি অনুষ্ঠান৷ অনুষ্ঠান মুকলি কৰিব প্ৰাক্তন সমবায় বিভাগৰ মন্ত্ৰী নুৰুল হুছেইন, উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰাক্তন সঞ্চালক নুৰ মহম্মদ আৰু এ পি চি চিৰ সম্পাদক দুলু আহমেদে৷

নিশা শ্ৰীশ্ৰী বংশীগোপালৰ বিগ্ৰহ ধৰ্মীয় শোভাযাত্ৰা কৰি মূল মন্দিৰৰ পৰা সবাহস্থলীলৈ অনাৰ পিছত সবাহস্থলীত পূৰ্বেই স্থাপন কৰা কলগছত ভক্তসকলে আৰিয়া প্ৰজ্বলন কৰিব৷ আনহাতে সবাহ মহোৎসৱৰ প্ৰথম দিনা সবাহস্থলীত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৰাজ্যপাল জগদীশ মুখীয়ে৷ মহোৎসৱৰ দ্বিতীয় দিনা সন্তভূষণৰ বাৰ্ষিক শ্ৰাদ্ধ অনুষ্ঠিত হ’ব৷

চিত্ৰাংকন প্ৰতিযোগিতা, বিয়লি নমিতা কলিতা আৰু বৰষাৰাণী দাসৰ নাগাৰা নাম পৰিৱেশন, সন্ধিয়া টোপধ্বনি আৰু নিশা আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ ২৮ জানুৱাৰীৰ পুৱা ধৰ্মালোচনী সভা অনুষ্ঠিত হ’ব৷ সভা উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ নিশা নাগাৰা নাম, হোলী গীত আৰু নাওখেলৰ গীত পৰিৱেশন কৰা হ’ব৷

২৯ জানুৱাৰীৰ পুৱা আয়তীৰ নাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ সন্ধিয়া সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব সমাজকৰ্মী পুলিন লহকৰে৷ সবাহ মহোৎসৱৰ শেষৰ দিনা ৩০ জানুৱাৰীত বিয়লি নাগাৰা নাম পৰিৱেশন আৰু নিশা শ্ৰীশ্ৰী বংশীগোপালৰ বিগ্ৰহ মূল মন্দিৰলৈ প্ৰত্যাৱৰ্তনেৰে মহোৎসৱৰ সামৰণি পৰিব৷ ৈতিহ্যমণ্ডিত সবাহ মহোৎসৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকা সত্ৰ খনৰ উন্নয়নৰ বাবে বিশেষ পেকেজ ঘোষণা কৰাৰ সম্ভৱনা নথকা নহয়৷