চকু মুদি আছে ৰাজ্য চৰকাৰ, বৰলুইতৰ পাৰ খান্দি ইটা ভাটা চলাইছে গৰৈমাৰিত

গৰৈমাৰিঃ ৰাজ্যত অব্যাহত আছে বন ধ্বংস যজ্ঞ৷ কৰবাত পাহাৰৰ গছ কাটি তহিলং কৰিছে আন কৰবাত নদীৰ বুকুত খনন কৰি তলি উদং কৰিছে দুষ্ট চক্ৰই৷ গঁড় হত্যা, হাতী হত্যা এটা যেন এটা সাধাৰণ ঘটনাহে৷ ৰাজ্যত এটা বিয়াগোম বন বিভাগ থকাৰ পিছতো এফালৰ পৰা বনজ সম্পদ ধ্বংস কৰি গৈছে একাংশ লোকে৷ এতিয়া বন ধ্বংস হলেও ধৰোতা কোনো নাই৷

বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিব পাৰিছেনে৷ আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত হাতী-গঁড় হত্যা হৈ থকাৰ লগতে সেউজীয়া পাহাৰ, নৈৰ বালি-মাটি খনন কৰি আজিও ব্যৱসায় চলাই গৈছে একাংশ লোকে৷

ৰাজ্যৰ অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰ জোটৰ চৰকাৰে অবৈধ বালিৰ ব্যৱসায় তথা তথা বনজ সম্পদ ধ্বংস কৰিবলৈ হে ককালত টঙালি বান্ধিছে৷ অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰেও ২ বছৰ পূৰ্বে বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল৷ বনজ সম্পদৰ ৰক্ষা শ্ল’গান যেন শ্ল’গান হৈ থাকিল৷ চৰকাৰ খনৰ প্ৰায় ২২ মাহ পাৰ হ’ল যদিও ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই৷

বনজ সম্পদ ৰক্ষা কৰাটো দূৰৰ কথা আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত সেউজীয়া পাহাৰ কাটি আজিও বন ধ্বংস কৰি আহিছে একাংশ লোকে৷ নদীৰ বুকু উদং কৰি অবাধ হাৰত খনন কৰিছে বালি আৰু শিলৰ বাবে৷ য’তে ত’তে গঢ়ি উঠিছে বালিৰ অবৈধ মহল।

একাংশ ৰাজনৈতিক দলৰ নেতাৰ ছত্ৰছায়াত বালি মাফিয়াই নৈৰ বুকু খান্দি ট্ৰাকে ট্ৰাকে বালি সৰবৰাহ কৰি আহিছে৷ শেহতীয়াকৈ দেখা গৈছে কামৰূপ জিলাত ব্ৰহ্মপুত্ৰৰ পাৰত ব্যাপক ভূমি খনন৷ পশ্চিম কামৰূপ বন সংমণ্ডল কাৰ্যালয়ৰ এলেকাত ব্ৰহ্মপুত্ৰক অসন্মান কৰি চলাই গৈছে অবাধ গতিত খনন কাৰ্য। বন বিভাগক মেনেজ কৰি এনে খনন কাৰ্য চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে৷ পুৱাৰে পৰা শ-শ ট্ৰেক্টৰেৰে ব্ৰহ্মপুত্ৰ পাৰৰ পৰা মাটি কাটি নিয়া দেখা যায়৷

মাটি সমূহ একাংশ লোকে ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ লগতে একাংশ লোকে ইটা ভাটাত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ গৰাখহনীয়াৰ তীব্ৰ ৰূপ ধাৰণ আনফালে ব্ৰহ্মপুত্ৰৰ নৈৰ পাৰত খনন কাৰ্য চলি গৈছে। বিগত কেইবামাহ ধৰি দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰাখাট অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ পৰা মাটি খান্দি গৰৈমাৰী অঞ্চলৰ একাংশ অবৈধ ইটা ভাটাকে ধৰি বিভিন্ন ঠাইলৈ কঢ়িয়াই নিয়া থকা পৰিলক্ষিত হৈছে৷

যাৰ ফলত বাৰিষাই বানৰ কৱলত পৰাৰ ভয়ত নিদ্ৰাহৰণ হৈছে নৈ পৰীয়া ৰাইজৰ। দিনে নিশাই ট্ৰেক্টৰেৰে বৰলুইতৰ পাৰ খান্দি ধন ঘটিছে একাংশ লোকে৷ কিন্তু সকলো দেখি-শুনিও সকলো নিমাত৷ অবৈধভাৱে ট্ৰেক্টৰেৰে মাটি খনন কৰি বৰাখাট-আৰু খলিহামাৰী গাঁও দুখন নিশ্চিহ্ন হ’ব বুলি আশংকা কৰা হৈছে৷ অহা বাৰিষাৰ সময়ত অসমৰ মানচিত্রৰ পৰা গাঁও দুখন নাথাকিব বুলি সন্দেহ কৰিছে ৰাইজে৷

মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে ট্ৰেক্টৰেৰে খনন কাৰ্য চলাই যোৱাত গৰৈমাৰী অঞ্চলৰ বহু গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাটো নিশ্চিত হৈ পৰিছে৷ স্থানীয় প্ৰশাসন আৰু বন বিভাগ দৰ্শক হৈ থকা কাৰ্যই হে চিন্তিত কৰিছে ৰাইজক৷