মঙলবাৰৰ পৰা আৰম্ভ হৈছে চম্পাৱতী কুণ্ড মেলা, পৰ্যটনস্থলীক গুৰুত্ব নিদিয়াৰ অভিযোগ

চামগুৰি/বঢ়মপুৰঃ নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্তৰ চাপানালাত মঙলবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত চম্পাৱতী কুণ্ড মেলা৷ যোৱা কেইবা দিনৰ নেৰা নেপেৰা প্ৰস্তুতিৰ অন্তত মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে চম্পাৱতী কুণ্ড মেলা।

মাঘ মাহৰ কিছু দিন পিছতেই শুক্ল পক্ষৰ শীতলষষ্ঠীত ৰজা হৰ্ষধ্বজৰ দিনৰে পৰা যুগ-যুগ ধৰি জীয়াজুৰি পাহাৰৰ বুকুত তথা চম্পাৱতী জলপ্ৰপাতৰ অংশত অনুষ্ঠিত হৈ আহিছে চম্পাৱতী কুণ্ড মেলা। জনবিশ্বাস, ধৰ্মীয় পৰম্পৰা অনুসৰি পালন কৰি অহা কুণ্ড মেলাত হাজাৰ হাজাৰ লোকৰ সমাগম হয়৷

ইতিমধ্যে কেইবাদিন পূৰ্বৰ পৰাই যথেষ্ট সংখ্যক লোকৰ সমাগম হৈ আহিছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ চাপানালাত৷ মঙলবাৰৰ পৰা এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে চাপানালাত। নগাঁও চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ চম্পাৱতী জলপ্ৰপাতৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ বৰ্তমান দেশী-বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে।

পৰ্যটনৰ বিবিধ সম্ভাৰেৰে ভৰপুৰ চাপানালাৰ চম্পাৱতী কুণ্ডত ২৩ আৰু ২৪ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনু্ষ্ঠিত হ'ব মহাকুণ্ডমেলা। প্ৰবাদ মতে, চাপানালাৰ চম্পাৱতী জলপ্ৰপাতত মাঘী সপ্তমী তিথিত স্নান কৰিলে ৰোগ-ব্যাধি দূৰ হোৱাৰ লগতে পূণ্য অৰ্জন হয়৷ জনবিশ্বাসৰ বাবেই চাপানালাৰ চম্পাৱতী জলপ্ৰপাতত মাঘী ষষ্ঠ আৰু সপ্তমী তিথিত সৰস্বতী পূজাৰ এদিন পিছতেই জনসমুদ্ৰত পৰিণত হয়৷

ভক্তসকলে কুণ্ডত স্নান কৰাৰ লগতে চাকি, ধুপ জ্বলাই মনোকামনা বাবে সেৱা জনায়৷ ৰাজ্যৰ অন্যতম পৰ্যটনস্থলী ৰূপে পৰিচিত চাপানালাৰ চম্পাৱতী জলপ্ৰপাতক আকৰ্ষণীয় পৰ্যটনস্থলী ৰূপে গঢ়ি তুলিবলৈ চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷

আনহাতে চাপানালাৰ বনন্দীয়া প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ অহা বনভোজৰ দল আৰু দেশী-বিদেশী পৰ্যটকে চাপানালালৈ যোৱা মূল পথটোৰ দুৰাৱস্থাৰ বাবে বছৰ-বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে যদিও চৰকাৰ-নগাঁও জিলা প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷